কামপুৰৰ পঞ্চায়ত প্ৰতিনিধিক ভাবুকি: ছজনৰ বিৰুদ্ধে গোচৰ ৰুজু - 383/38
বহুদিনৰ পৰাই বিভিন্ন ভাবুকিৰে কৰি আহিছিল ধন দাবী ৷ প্ৰতিনিধি কেইজনক দিছিল অপহৰণ কৰি প্ৰাণে মৰাৰ ভাবুকি ৷

কামপুৰৰ পঞ্চায়ত প্ৰতিনিধিক ভাবুকি : ছজনৰ বিৰুদ্ধে গোচৰ ৰুজু
কামপুৰ,20 জুলাই : নগাওঁ জিলাৰ কচুৱা আৰু কামপুৰত ধন দাবী কৰি বিপদত পৰিছে ৬ জনকৈ লোক ৷ কচুৱা অঞ্চলৰ ইছাহক আলি,ফকৰ উদ্দিন,আাব্দুল জলিল,আব্দুল হাচেন আৰু ছিৰাজ উদ্দিনৰ লগতে কামপুৰৰ চাংচকীৰ কুশল মেধি নামৰ লোককেইজনৰ বিৰুদ্ধে কচুৱা থানাত গোচৰ ৰুজু কৰিছে কঠিয়াতলী উন্নয়ণ খণ্ডৰ কচুৱা পঞ্চায়তৰ সভাপতি এহিয়া মুস্তাফাই ৷ গোচৰ নং ২০৪/১৯ আৰু ভাৰতীয় দণ্ডাবিধি আইনৰ ৩৮৩/৩৪ ধাৰাত ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তৰ ওপৰত গোচৰ ৰুজু কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
কামপুৰৰ পঞ্চায়ত প্ৰতিনিধিক ভাবুকি : ছজনৰ বিৰুদ্ধে গোচৰ ৰুজু