অসম

assam

ETV Bharat / city

নিৰ্বিঘ্নে বটদ্ৰৱা থানলৈ আহিব পাৰিব তীৰ্থযাত্ৰী : জয়ন্তমল্ল বৰুৱা - কুখ্যাত অপৰাধীৰ উচটনিতেই হৈছিল বটদ্ৰৱা থানা আক্ৰমণ

বটদ্ৰৱা থানত উপস্থিত মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা (Jayanta Malla baruah visited Batadrava) । বটদ্ৰৱাত উপস্থিত হৈয়ে কীৰ্তন ঘৰত সেৱা লয় মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিবগৰাকীয়ে । তাৰ পাছতে বটদ্ৰৱা থান কমিটিৰ লগত এক আলোচনাত মিলিত হয় জয়ন্ত মল্ল বৰুৱা ৷

Jayanta Mallabaruah visited Sri Sri Batadrava Than in Nagaon
বটদ্ৰৱা থানত মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা

By

Published : May 26, 2022, 9:54 PM IST

নগাঁও, 26 মে’: "তীৰ্থযাত্ৰীলৈ আহবান, নিৰ্বিঘ্নে আহিব পাৰিব বটদ্ৰৱা থানলৈ" বৃহস্পতিবাৰে বটদ্ৰৱা থানত উপস্থিত হৈ মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাই এইদৰে মন্তব্য কৰে (Jayanta Mallabaruah visited Sri Sri Batadrava) ৷ বটদ্ৰৱাত উপস্থিত হৈয়ে কীৰ্তন ঘৰত সেৱা লয় মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিবগৰাকীয়ে । তাৰ পাছতে বটদ্ৰৱা থান কমিটিৰ লগত এক আলোচনাত মিলিত হয় জয়ন্তমল্ল বৰুৱা ৷

বটদ্ৰৱা থানৰ নিৰাপত্তা সুনিশ্চিত কৰা, বেদখল উচ্ছেদ আৰু থানৰ উন্নয়নমূলক কামৰ কথা আলোচনা কৰে মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিবগৰাকীয়ে ৷ ইতিমধ্যে আৰক্ষীৰ জিম্মাত এজন যুৱকৰ মৃত্যুৰ পাছত একাংশ লোকে বটদ্ৰৱা আৰক্ষী থানাত অগ্নি সংযোগ কৰা ঘটনাৰ (Mob sets fire in Batadrava police station) লগত জড়িত মহিলাসহ 21 জন লোকক আটক কৰা হৈছে ৷

ইয়াৰোপৰি অধিক অপৰাধীৰ সন্ধানত ভিডিঅ’ ফুটেজ নিৰীক্ষণ কৰি আছে আৰক্ষীয়ে ৷ থানা জ্বলোৱা কাণ্ডৰ লগত জেহাদী সংগঠনৰ লোক জড়িত থকাৰ সন্দেহতো আৰম্ভ কৰিছে তদন্ত ৷ লগতে বটদ্ৰৱা কাণ্ডৰ (Batadrava police station attack case) তদন্ত কৰিবলৈ Special Investigation Team অৰ্থাৎ এছ আই টি গঠন কৰা হৈছে (SIT formed for investigation of Batadrava incident) ।

বটদ্ৰৱা থানত মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা

নগাঁও আৰক্ষীৰ নিৰাপত্তা আৰু চোৰাংচোৱা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকাৰ নেতৃত্বত গঠন কৰা হৈছে এই এছ আই টি । ইপিনে আৰক্ষী থানাত আক্ৰমণ কৰা ঘটনাত বহু অপৰাধী লোক জড়িত থকাৰ তথ্য লাভ কৰিছে নগাঁও আৰক্ষীয়ে। ড্ৰাগছ মাফিয়াকে ধৰি বহু অপৰাধীৰ উচটনিতেই বটদ্ৰৱা আৰক্ষী থানাত আক্ৰমণ হোৱাৰ তথ্যও নগাঁও আৰক্ষীয়ে লাভ কৰিছে ।

বটদ্ৰৱা আৰক্ষী থানাত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাত জড়িত লোকৰ মোবাইল নম্বৰ সংগ্ৰহ কৰি কোনো উগ্ৰপন্থী সংগঠনৰ সদস্যৰ সৈতে জড়িত আছে নে নাই সেই সন্দৰ্ভতো তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক :কুখ্যাত অপৰাধীৰ উচটনিতেই হৈছিল বটদ্ৰৱা থানা আক্ৰমণ : লীনা দলে

For All Latest Updates

ABOUT THE AUTHOR

...view details