নগাঁও, 26 জুলাই:"জাপানীজ এনকেফেলাইটিছ এটা অতি মাৰাত্মক ৰোগ ৷ এই ৰোগৰ পৰা বাচি থাকিবলৈ ম'হৰ পৰা বাচি থাকক ৷ ঘৰৰ ওচৰত থকা পানীৰ ডোঙাবোৰ চাফা কৰি ৰাখক ৷ ম'হে কামুৰিব নোৱাৰাকৈ সকলোৱে বাচি থাকক ৷ জ্বৰ হোৱাৰ লগে লগে চিকিৎসকৰ পৰা পৰামৰ্শ লওক ৷" জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে তৎপৰ হৈছে নগাঁও স্বাস্থ্য বিভাগ ৷ এই ৰোগৰ পৰা বাচি থাকিবলৈ পৰামৰ্শ নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক অৰূপ জ্যোতি মহন্তৰ (Japanese encephalitis in Nogaon) ৷
বানৰ পিছত ৰাজ্যত জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰিছ । ক্ৰমাৎ ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংক বৃদ্ধি পাইছে (Japanese Encephalitis in Assam) । দৈনিক দ্ৰুত হাৰত বাঢ়িছে জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা ৷ লগতে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ মৃতকৰ সংখ্যাও ।
নগাঁৱতো বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ (Japanese encephalitis Outbreak in Nagaon)। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত আৰম্ভ হৈছে এনকেফেলাইটিছৰ চিকিৎসা ৷ জাপানীজ এনকেফেলাইটিছক লৈ নগাঁও স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে সতৰ্কতামূলক ব্যৱস্থা ৷ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ইতিমিধ্যেই 5 জনৰ মৃত্যু হৈছে নগাঁৱত ৷ এতিয়ালৈ নগাঁও জিলাত এই ৰোগত আক্ৰান্তৰ সংখ্যা 38 জন ৷
প্ৰতিৰোধৰ বাবে সতৰ্কতামূলক ব্যৱস্থা নগাঁও স্বাস্থ্য বিভাগৰ কোনো লোকৰ শৰীৰত জাপানীজ এনকেফেলাইটিছৰ লক্ষণ দেখিলেই নগাঁও স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীৰ ৷ লগতে তেওঁ কয় যে, বিশেষকৈ জমা হৈ থকা পানীৰ পৰাই বৃদ্ধি হোৱা কিউলেক্স নামৰ ম'হ বিধৰ পৰাই জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ হয় ৷ কিউলেক্স ম'হৰ পৰা ৰক্ষা কৰিবলৈ জিলা স্বাস্থ্য বিভাগে প্ৰায়সমূহ এলেকাতে ফগিঙৰ ব্যৱস্থা কৰাৰ কৰিছে ৷
নগাঁৱত জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত 6 খন বিচনাযুক্ত আই চি ইউৰ ব্যৱস্থা কৰিছে জিলা স্বাস্থ্য বিভাগে ৷ জাপানীজ এনকেফেলাইটিছ ৰোগৰ লক্ষণ দেখা পোৱাৰ লগে লগেই জিলা স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিবলৈও আহ্বান জনাইছে যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে ৷ প্ৰয়োজনত স্বাস্থ্য সঞ্চালকগৰাকীয়ে নিজৰ ফোন নম্বৰ 9435060417 টো যোগাযোগ কৰিবলৈ আহ্বান জনায় যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে (Joint Director of Health, Arup Jyoti Mahanta)৷
ইয়াৰ সমান্তৰালকে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সজাগ আৰু সচেতন হৈ থাকিবলৈও আহ্বান জনায় যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে ।
লগতে পঢ়ক :JE in Assam: GMCHত চিকিৎসাধীন হৈ আছে ৩৯ গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগী