অসম

assam

ETV Bharat / city

ৰহাত আন্তৰ্জাতিক যোগ দিৱস উদযাপন - ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি

ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতে সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (INTERNATIONAL YOGA DAY) ৷ সমগ্ৰ ৰাজ্যৰ লগতে ৰহাৰ সমীপৰ বেবেজীয়াৰ কৃতি শিক্ষক লক্ষ্মীনাৰায়ণ বৰাই ঘৰতে পুত্ৰ-কন্যাক লগত লৈ কৰিছে যোগ সাধনা । শিক্ষক বৰাই বিগত ১৫ বছৰ ধৰি যোগাসনৰ লগত জড়িত হৈ আছে ৷ যোগৰ জৰিয়তে বঁটা লাভ কৰিছে শিক্ষকগৰাকীয়ে ৷

lakshminarayan bora doing yoga in his own house in roha
ৰহাত যোগৰ কাৰ্যসূচী বঁটাপ্ৰাপ্ত লক্ষ্মীনাৰায়ন বৰাৰ

By

Published : Jun 21, 2021, 4:46 PM IST

ৰহা, 21 জুন :আজি 21 জুন অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (INTERNATIONAL YOGA DAY) । ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতে সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । সমগ্ৰ বিশ্বৰ লগতে অসমতো ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতেই অনুষ্টুপীয়াকৈ পালন কৰা হৈছে যোগ দিৱস ।

সমগ্ৰ ৰাজ্যৰ লগতে ৰহাৰ সমীপৰ বেবেজীয়াৰ কৃতি শিক্ষক লক্ষ্মীনাৰায়ণ বৰাই ঘৰতে পুত্ৰ কন্যাক লগত লৈ কৰে যোগ সাধনা । শিক্ষক বৰাই বিগত ১৫ বছৰ ধৰি কৰি যোগাসনৰ লগত জড়িত হোৱা বুলি জানিব পৰা গৈছে । লক্ষ্মীনন্দন বৰাৰ ১২ বছৰীয়া পুত্ৰ তন্ময় নাৰায়ণ কাশ্যপ আৰু কণমানি জীয়ৰী গ্লৌৰী কাশ্যপে দেউতাকৰ পৰা নিতৌ যোগাসনৰ প্ৰশিক্ষণ লৈ ৰাজ্যিক পৰ্যায়ত বিভিন্ন প্ৰান্তত যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে ।

ৰহাত আন্তৰ্জাতিক যোগ দিৱস উদযাপন

লক্ষ্মীনাৰায়ণ বৰাই ৰাষ্ট্ৰীয় পৰ্যায়ত যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পাঁচবাৰকৈ সন্মান আঁজুৰি আনিবলৈ সক্ষম হৈছে । তেওঁ বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে যোগৰ প্ৰশিক্ষণ । ক’ভিড সৃষ্ট এই পৰিৱেশৰ মাজতে লক্ষ্মীনাৰায়ণ বৰাই সন্তান আৰু প্ৰতিবেশীক লগত লৈ নিতৌ বাসগৃহত যোগাসন কৰি আহিছে ।

ক’ভিড-১৯ ৰ দৰে মহামাৰীৰ লগত মোকাবিলা কৰিবলৈ আৰু ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰিবলৈ যোগাসন হৈছে উত্তম উপায় । সেয়ে সকলোকে তেওঁ সংবাদ মাধ্যমৰ যোগেদি যোগাসন কৰিবলৈ আহ্বান জনায় । শিক্ষকতাৰ দৰে বৃত্তিৰ লগত জড়িত হৈ এনদৰে যোগাসনৰ ক্ষেত্ৰতো সময় উলিয়াই লোৱা পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে অঞ্চলবাসীয়ে ।

উল্লেখ্য যে, যোগ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন ব্যক্তিৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাf সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰেক্ষাগৃহত আয়োজিত যোগ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ যোগক সমগ্ৰ বিশ্বই এতিয়া স্বীকৃতি প্ৰদান কৰিছে ৷ যোগে প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত এতিয়া বিশ্বজনীন ৰূপ পালে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক :চৰকাৰে শিক্ষাৰ্থীসকলৰ স্বাৰ্থ সু-নিশ্চিত কৰাৰ সঠিক পৰিকল্পনা কৰক : ৰাইজৰ দল

ABOUT THE AUTHOR

...view details