নগাঁও, 29 মাৰ্চ :পুনৰ ৰাজ্যতঅসমীয়াক লৈ সৃষ্টি হৈছে অসমীয়া ভাষা বিতৰ্ক (Assamese Language controversy) ৷ শেহতীয়াকৈ অসমীয়া ভাষাৰ একপ্ৰকাৰ শ্ৰাদ্ধ পাতি নগাঁৱৰ কলঙৰ বাকৰি নেহেৰুৱালীত অনুষ্ঠিত হৈছে অসম চৰকাৰৰ এখন হস্ত-তাঁত বস্ত্ৰ মেলা (Insult to Assamese language)। মেলাখনত ব্যৱহৃত বেছিভাগ ফলকত অসমীয়া ভাষা ব্যৱহাৰৰ বিপৰীতে ইংৰাজী ভাষা ব্যৱহাৰ হয় ৷ পিছে যি দুই এক ফলক অসমীয়াত লিখা হৈছে, তাতো বাৰে পাচি বানান ভুল ৷ খোদ চৰকাৰী বিভাগেই ভুলকৈ অসমীয়া ভাষা লিখি একপ্ৰকাৰ ভেঙুচালি কৰিলে অসমীয়া ভাষাক ।
নেহেৰুৱালীত অনুষ্ঠিত এই হস্ত-তাঁত বস্ত্ৰ মেলাৰ বিপনীত খোদ অসম চৰকাৰৰ হস্ত-তাঁত বস্ত্ৰ বিভাগে অসমীয়া ভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষা ব্যৱহাৰ কৰা বিষয়টোয়েও সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ । আনকি হস্ত-তাঁত বস্ত্ৰ মেলাৰ মূল তোৰণ আৰু কাৰ্যালয়ত অসমীয়া ভাষাত থকা ফলককেইখনতো বাৰে পাচি বানান ভুল ৷