নগাঁও, 10 আগষ্ট : এতিয়া তুংগত উঠিছে বিজেপি বিধায়িকা আঙুৰলতা ডেকা আৰু বিজেপি কৰ্মী ৰাহুল মেধিৰ এখন বাকযুদ্ধ । বিজেপিৰ শীৰ্ষ নেতাৰ আশীষধন্য হৈ ৰাজনীতিৰ পথাৰত নামিয়েই বিধায়িকা হোৱা বিধায়িকা আঙুৰলতা ডেকা এইবাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে খোদ বিজেপি কৰ্মীৰে । এখন সংবাদ মেলৰ জৰিয়তে দলীয় কৰ্মী তথা কলিয়াবৰ জিলা বিজেপিৰ যুৱ মৰ্চাৰ সম্পাদক ৰাহুল মেধিক দলৰ পৰা অব্যাহতি দিয়া বুলি বিধায়িকা আঙুৰলতা ডেকাই উল্লেখ কৰে ৷
ইয়াৰ পিছতেই বিধায়িকাগৰাকীক উভতি ধৰি আঙুৰলতা ডেকাৰ মিথ্যাচাৰ উদঙালে ৰাহুল মেধিয়ে । আঙুৰলতাতকৈয়ো পুৰণি এগৰাকী বিজেপি কৰ্মী বুলি উল্লেখ কৰি যুৱ মৰ্চাৰ সম্পাদক পদৰ পৰা নিজেহে পদত্যাগ কৰা বুলি ব্যক্তব্য দিলে ৰাহুল মেধিয়ে ।
এই সমগ্ৰ বিতৰ্কৰ কেন্দ্ৰ বিন্দু হৈছে এটা পুখুৰী । যোৱা ৬ আগষ্টত নগাঁও ভ্ৰমণলৈ আহিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । সোণোৱালৰ এই ভ্ৰমণৰ সময়ত ৰাহুল মেধিয়ে ব্যক্তিগতভাৱে অধিগ্ৰহণ কৰা লোৱা এটা পুখুৰীক বিধায়িকাগৰাকীয়ে কোনো আত্মসহায়ক গোটৰ নামেৰে দেখুৱাই কৃতিত্ব জাহিৰ কৰিব বিচৰা বুলি সামাজিক মাধ্যমত এটা প'ষ্ট দিছিল বিজেপি কৰ্মী ৰাহুল মেধিয়ে ।