অসম

assam

By

Published : Nov 22, 2021, 10:20 PM IST

ETV Bharat / city

Industrial pollution: আঘোণৰ পথাৰত দুখ কলিয়াবৰৰ কৃষকৰ

সোণগুটি চপোৱাৰ সময়ত কলিয়াবৰত গঢ়ি উঠা উদ্যোগসমূহৰ পৰা ওলোৱা দূষিত আৱৰ্জনা আৰু ধূলি-বালিয়ে পুতি পেলাইছে(industrial pollution affects farmers) বালিবাটৰ কৃষকৰ 50 বিঘাতকৈও অধিক কৃষিভূমিৰ ধান(paddy destroyed at balibat ) ৷ ফলত আঘোণৰ পথাৰ জ্বলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে একাংশ দুৰ্ভগীয়া কৃষক ৰাইজে ৷

industrial-pollutants-spoils-paddy-in-kaliabar
Industrial pollution: আঘোণৰ পথাৰত দুখ কলিয়াবৰৰ কৃষকৰ

কলিয়াবৰ, 22 নৱেম্বৰ : এতিয়া আঘোণৰ পথাৰৰ পৰা সোণগুটি চপোৱাৰ সময়ত পথাৰ জ্বলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে একাংশ দুৰ্ভগীয়া কৃষক ৰাইজে ৷ জানিব পৰা মতে কলিয়াবৰৰ বালিবাটৰ ঔদ্যোগিক অঞ্চলটোত থকা শিল ভঙা উদ্যোগ (ক্ৰেচাৰ)¸ চাউলৰ, প্লাষ্টিক, ইলেক্ট্ৰিকেল প'ল আদি উদ্যোগৰ পৰা নিৰ্গত হোৱা ধূলি-ধোঁৱা, পানী, আৱৰ্জনাই সৃষ্টি কৰা প্ৰদূষণে কাষৰীয়া ধাননিৰ বিঘাই-বিঘাই নষ্ট কৰিছে ধান(industrial pollutants spoils paddy) ।

অসমীয়া গঞা সমাজত আঘোণৰ আছে এক সুকীয়া পৰিচয় । এতিয়া আঘোণৰ পথাৰৰ পৰা সোণগুটি চপোৱাৰ সময় । কিন্তু কলিয়াবৰৰ আঘোণৰ পথাৰত দেখিবলৈ পোৱা গৈছে এখন বিপৰীত ছবি । আঘোণৰ পথাৰত ধানৰ ৰূপ দেখি মূৰে-কপালে হাত দিছে কলিয়াবৰৰ চহা কৃষক ৰাইজে (farmers facing loses )৷

Industrial pollution: আঘোণৰ পথাৰত দুখ কলিয়াবৰৰ কৃষকৰ

ইয়াৰোপৰি কলিয়াবৰৰ বালিবাটৰ কৃষকৰ 50 বিঘাতকৈও অধিক কৃষিভূমিৰ ধান সেই স্থানত গঢ়ি উঠা উদ্যোগসমূহৰ পৰা ওলোৱা দূষিত আৱৰ্জনা আৰু ধূলি-বালিয়ে পুতি পেলাইছে(industrial pollution affects farmers) । তদুপৰি বালিবাটৰ ৰাস্তাৰে যোৱা শতাধিক ডাম্পাৰে সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে এক ধূলিময় পৰিৱেশ(paddy destroyed at balibat ) ।

ৰাজ্যত প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ এটা থকাৰ পাছতো প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা নোলোৱাকৈয়ে দীৰ্ঘদিন ধৰি উৎপাদন কাৰ্য চলাই থকা উদ্যোগ কেইটাৰ বিৰুদ্ধে স্থানীয় ৰাইজে দিছে অভিযোগ ৷ তথাপিও এই ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব দিয়া নাই প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগে(pollution control board silent ) । ফলত ক্ষোভত ভাঙি পৰিছে চহা কৃষকসকল ৷

লগতে পঢ়ক:আঘোণৰ পথাৰ: পকা ধানৰ আমোলমোল গোন্ধত মতলীয়া চহা কৃষক

ABOUT THE AUTHOR

...view details