অসম

assam

By

Published : Aug 16, 2021, 10:03 PM IST

ETV Bharat / city

পুনৰ পোহৰলৈ আহিছে বন কৰা শিশু নিৰ্যাতনৰ ঘটনা

চাম‌গুৰিত বন কৰা শিশু নিৰ্যাতনৰ ঘটনা ৷ শিশুটিক চলোৱা অকথ্য নিৰ্যাতনৰ দৃশ্য বন্দী হৈছে কেমেৰাত । স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত শিশুটি উদ্ধাৰ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান ।

incidents-of-child-abuse-in-samuguri-etv-bharat-assam
পুনৰ পোহৰলৈ আহিছে বন কৰা শিশু নিৰ্যাতনৰ ঘটনা

চাম‌গুৰি , 16 আগষ্ট : ৰাজ্যত পুনৰ পোহৰলৈ আহিছে বন কৰা শিশু নিৰ্যাতনৰ ঘটনা ৷ নগাঁৱৰ পুৰণিগুদামৰ কাষৰিগাঁৱত উদ্ধাৰ হৈছে ভুক্তভোগী বন কৰা শিশুটি । চামগুৰি আৰক্ষীয়ে কাষৰিগাঁৱৰ প্ৰভাত বৰাৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় কণমানিজনীৰ । প্ৰভাত বৰাৰ পৰিয়ালৰ লোকে বনকৰা শিশুটোক অকথ্য নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

প্ৰতিদিনে প্ৰভাত বৰাৰ পৰিয়ালৰ লোকে শিশুটিক শাৰীৰিক নিৰ্যাতন‌ চলাই অহা বাবে চামগুৰি আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰিছিল স্থানীয় ৰাইজে । শিশুটিক চলোৱা অকথ্য নিৰ্যাতনৰ দৃশ্য বন্দী হৈছে কেমেৰাত । স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত শিশুটি উদ্ধাৰ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান ।

পুনৰ পোহৰলৈ আহিছে বন কৰা শিশু নিৰ্যাতনৰ ঘটনা

উল্লেখ্য যে, শিশু শ্ৰম আইন কঠোৰভাৱে প্ৰয়োগ কৰিবলৈ চৰকাৰ তৎপৰ হৈ থকাৰ মাজতে এচাম দুষ্ট লোকে দৰিদ্ৰতাৰ সুযোগ লৈ নিজৰ কামত ব্যৱহাৰ কৰিছে বশিশুক ৷ আৰক্ষী তথা প্ৰশাসনৰ চকুত ধূলি দি এইদৰে বহুক্ষেত্ৰত নিয়োজিত হৈ আছে কণ কণ শিশু ৷

বহু সময়ত শিশু শ্ৰমিক ব্যৱহাৰৰ ঘটনা পোহৰলৈ আহে যদিও বেছি সংখ্যক ঘটনাই পোহৰলৈ নাহে ৷ যাৰ বাবে একাংশ বিত্তবান তথা ধনবল, বাহুবলেৰে বলীয়ান লোকে চৰকাৰ তথা আইনৰ সকলো নিৰ্দেশক অৱমাননা কৰি নিজৰ কামত ব্যৱহাৰ কৰি আহিছে শিশু শ্ৰমিকসকলক ৷

উল্লেখনীয়ভাৱে শিশু আইন অনুসৰি ১৪ বছৰ তলৰ শিশুক কাম কৰোৱাটো আইনমতে দণ্ডনীয় । কিন্তু এতিয়াও একাংশ হোটেল, ধাবা আৰু ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীয়ে এই আইন উলংঘা কৰি পইচাৰ প্ৰলোভনেৰে শিশুসকলক কামত নিয়োজিত কৰা পৰিলক্ষিত হয় ৷ শিশু শ্ৰমিক আইন ভংগ কৰা এনে লোকসকলৰ ওপৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক:ৰঙাপৰাত উত্তপ্ত পৰিস্থিতি :পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ শূণ্যলৈ গুলি

ABOUT THE AUTHOR

...view details