ৰূপহীহাট, 8 আগষ্ট : ৰাজ্যত অব্যাহত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ পূৰ্বতকৈ অধিক সক্ৰিয় হৈ পৰিছে অসম আৰক্ষী ৷ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে এই অভিযান ৷ অভিযানত ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ হৈছে কোটি কোটি টকাৰ ড্ৰাগছ সহ অন্যান্য নিচাজাতীয় সামগ্ৰী ৷
নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱাৰ পিছতো কিন্তু এতিয়াও একাংশ লোকে অবৈধভাৱে এই সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে ৷ শনিবাৰে জুৰীয়া থানাৰ উপ আৰক্ষী বিষয়া জ্যোতিষ কুমাৰ নাথৰ নেতৃত্বত চলোৱা হয় সুৰাৰ বিৰুদ্ধে এক অভিযান ৷
সুৰা বিক্ৰীত জড়িত বেবেজীয়া গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ এই অভিযান চলোৱা হৈছিল জুৰীয়া বজাৰ আৰু জুৰীয়াৰ চামধৰা গাঁৱত ৷
লগতে পঢ়ক:Encounter: আৰক্ষীৰ গুলীচালনাত নিহত দুৰ্ধৰ্ষ ডকাইত
এই অভিযানত ৰূপহীহাটত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা ৷ সুৰাখিনি আৰক্ষীয়ে জুৰীয়া চামধৰা গাঁৱৰ তেলিয়া বেবেজীয়া গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ নিতুল কুমাৰ নাথৰ বাসগৃহৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় ৷
জানিব পৰা মতে, অসম গণ পৰিষদ দলৰ পৰা নিৰ্বাচন খেলি জয়ী হৈছিল সদস্যজন ৷ এগৰাকী জন প্ৰতিনিধিৰ বাসগৃহৰ পৰা নিচাজাতীয় সামগ্ৰী উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইফালে অবৈধভাৱে সুৰা ঘৰত ৰখাৰ অপৰাধত আৰক্ষীয়ে আটক কৰিছে ৱাৰ্ড মেম্বাৰ নাথক ৷
লগতে পঢ়ক:মৰাণৰ চেপনত বৃহৎ পৰিমাণৰ চুলাই মদ বিনষ্ট