অসম

assam

ETV Bharat / city

Illegal hunting of migratory birds: নগাঁৱত পৰিভ্ৰমী পক্ষীৰ নিধন যজ্ঞ

নগাঁৱত অব্য়াহত আছে পৰিভ্ৰমী পক্ষী নিধন যজ্ঞ । শনিবাৰে সন্ধিয়া অহা প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত দিশহাৰা হৈ পৰা পৰিভ্ৰমী চৰাইজাকৰ বাবে চিকাৰীয়ে পাতিলে ফান্দ । বিলুপ্তপায় প্ৰজাতিৰ শৰালি হাঁহ বজাৰত বিক্ৰী । দেওবাৰে নিশা নগাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত পোহৰলৈ আহিছে বন্য পক্ষী চিকাৰৰ এই তথ্য (Illegal hunting of migratory birds) ।

By

Published : Feb 7, 2022, 5:54 PM IST

large-numbers-of-xorali-hah-seized-at-nagaon
নগাঁৱত পৰিভ্ৰমী পক্ষী নিধন যজ্ঞ

নগাঁও , 7 ফেব্ৰুৱাৰী :প্ৰচণ্ড শীতে কপাঁইছে ৰাজ্যবাসীক (Harsh cold in Assam) । বিগত 2-3 দিন ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোৱা কিনকিনিয়া বৰষুণ, ফিৰফিৰিয়া বতাহজাকে আৰু বৃদ্ধি কৰিছে শীতৰ প্ৰকোপ । সমান্তৰালকৈ শনিবাৰে সন্ধিয়া অহা প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত দিশহাৰা হৈ পৰিছে জীৱকুল ৷ বিভিন্ন পৰিভ্ৰমী পক্ষীৰ মাজত আশ্ৰয় বিচাৰি সৃষ্টি হৈছে এক হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ ৷ যাৰ ফলত নিজা আশ্ৰয় থল এৰি চৰাই চিৰিকতিয়ে আশ্ৰয় লবলগীয়া হৈছে বহু মনুহৰ ঘৰত । এনে দুৰ্যোগৰ সময়তো বনৰীয়া পক্ষী চিকাৰৰ বাবে যেন তৎপৰ হৈ পৰিছে এচাম অসাধু চক্ৰ ।

দেওবাৰে নিশা নগাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত পোহৰলৈ আহিছে বন্য পক্ষী চিকাৰৰ তথ্য (Large numbers of wild birds rescue in Nagaon) । নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হৈছে বিক্ৰীৰ বাবে অনা আঠটাকৈ শৰালি হাঁহ (Bird rescue by police in Nagaon) ৷ প্ৰচণ্ড শিলাবৃষ্টিত উপায়হীন হৈ পৰা শৰালি হাঁহ বিক্ৰী আৰু ভক্ষণৰ ব্যৱস্থা কৰি আৰক্ষীৰ জালত পৰিছে এনে এজন অসাধু লোক । আটকাধীন লোকজন মুকচিদুল হুছেইন বুলি জানিব পৰা গৈছে ৷

হয়বৰগাঁও আৰক্ষীয়ে বৰ্তমান অধিক তথ্যৰ বাবে মুকচিদুল হুছেইনৰ জেৰা অব্যাহত ৰাখিছে ৷ ইপিনে প্ৰাকৃতিক দুৰ্যোগৰ সুবিধা লৈ একাংশ অসাধু লোকে বনৰীয়া চৰাই চিকাৰ কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰকৃতিপ্ৰেমীসকলৰ মাজত । এনে অমানৱীয় কাৰ্য্যৰ আক্ষেপ প্ৰকাশ চৰাইৰ চোৰাং চিকাৰৰ সৈতে জড়িত লোকক দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰে প্ৰকৃতিপ্ৰেমী লোকে ।

লগতে পঢ়ক :এইবাৰ বিহু কমিটীসমূহক বিহু উদযাপন বাবে চৰকাৰে দিব বৰঙণি: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details