অসম

assam

ETV Bharat / city

লাওখোৱাত টেপ ৰেকৰ্ডাৰেৰে পক্ষী চিকাৰ চোৰাং চিকাৰীৰ - audio player seized

অত্যাধুনিক ৰেকৰ্ড প্লেয়াৰৰ সহায়ত পৰিভ্ৰমী পক্ষী চিকাৰ চোৰাং চিকাৰীৰ । লাওখোৱাত পুনৰ জব্দ চিকাৰ কৰা চৰাইৰ লগতে চিকাৰত ব্যৱহৃত সামগ্ৰী । চোৰাং চিকাৰী গ্ৰেপ্তাৰত ব্যৰ্থ লাওখোৱাৰ বন বিভাগ ।

illegal hunting instruments seized by laukhuwa forest man
লাওখোৱা অভয়াৰণ্যত চৰাই চিকাৰ কৰা ব্যৱহৃত সামগ্ৰী জব্দ বন বিভাগৰ

By

Published : Jun 4, 2021, 10:55 PM IST

ৰূপহীহাট, 4 জুন : বন্যপ্ৰাণী আৰু বিলুপ্তপ্ৰায় চৰাই চিকাৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে আইন প্ৰণয়ন কৰিছে যদিও একাংশ চোৰাং চিকাৰীৰ দৌৰাত্ম অব্যাহত আছে ৷ এইবাৰ অত্যাধুনিক ৰেকৰ্ড প্লেয়াৰেৰে পক্ষী চিকাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ চৰাইৰ কণ্ঠস্বৰ ৰেকৰ্ড কৰি এসময়ৰ এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত লাওখোৱা অভয়াৰণ্যত চৰাই চিকাৰ আৰম্ভ কৰিছে চোৰাং চিকাৰীয়ে । বন বিভাগৰ এটা অভিযানতেই পোহৰলৈ আহিছে এই তথ্য । বুধবাৰে অভয়াৰণ্যৰ বনকৰ্মীয়ে অভিযান চলায় লাওখোৱা অভয়াৰণ্যৰ দাঁতি-কাষৰীয়া অঞ্চলত । লাওখোৱা অভয়াৰণ্যৰ সুতিৰপাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ পাৰ্শ্বৱৰ্তী কেইবাটাও অঞ্চলত অভিযান চলায় বন বিভাগে ।

লাওখোৱা অভয়াৰণ্যত চৰাই চিকাৰ কৰা ব্যৱহৃত সামগ্ৰী জব্দ বন বিভাগৰ

বন বিভাগৰ এটা দলে গদাইমাৰী শিঙিয়া পথাৰত অভিযান চলাই আঠ টাকৈ কাম চৰাই, অত্যাধুনিক টেপ ৰেকৰ্ডাৰ আৰু অডিঅ' প্লেয়াৰ জব্দ কৰিবলৈ সক্ষম হয় । অভিযানত বন বিভাগৰ দলটোৱে এজনো চোৰাং চিকাৰী আটক কৰিবলৈ সক্ষম হোৱা নাই । চোৰাং চিকাৰীৰ বিৰুদ্ধে প্ৰায়েই বন বিভাগৰ লোকে অভিযান চলাই যদিও কেৱল সামগ্ৰী জব্দ কৰিয়েই দায়িত্ব সামৰে লাওখোৱাৰ বন বিভাগৰ লোকে । লাওখোৱা অভয়াৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলত বন বিভাগে বাৰে বাৰে চোৰাংচিকাৰীৰ বিৰুদ্ধে অভিযান চলাই যদিও গ্ৰেপ্তাৰ নহয় বুলি অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে ।

লগতে পঢ়ক :মাৰ্চতে দিয়া এক পত্ৰত আছে ভয়ংকৰ নিৰ্দেশনা

ABOUT THE AUTHOR

...view details