চামগুৰি, 19 ফেব্ৰুৱাৰী : পুনৰ অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ ৷ নগাঁৱৰ ভেৰভেৰী মহামৃত্যুঞ্জয় মন্দিৰত 22 ফেব্ৰুৱাৰীৰ পৰা 5 মাৰ্চলৈ অনুষ্ঠিত হ'ব লগা স্থিৰ প্ৰাণ প্ৰতিষ্ঠা আৰু 108 কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞত 25 ফেব্ৰুৱাৰীৰ দিনা উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ আনহাতে, গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিৰ পূৰ্বে সকলো প্ৰস্তুতিৰ বুজ ল'বৰ বাবে উপস্থিত হ'ব মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷
উল্লেখ্য যে, দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ 126 ফুট উচ্চতাৰ মহামৃত্যুঞ্জয় মন্দিৰ ৷ 2004 চনৰ পৰা বাবা ভূগুগিৰি মহাৰাজৰ অধ্যক্ষতাত ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি আছিল মন্দিৰটোৰ । এই বৰ্ষৰ 22 ফেব্ৰুৱাৰীৰ পৰা স্থিৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পাছতেই মাঘী পূৰ্ণিমা অৰ্থাৎ অহা 27 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব 108 কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞ ৷