কলিয়াবৰ, 26 আগষ্ট : অসম হাইস্কুল শিক্ষক সংস্থাই বৰ্তমান শিক্ষা বিভাগৰ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া আৰু নতুন শিক্ষা নীতিক লৈ তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে চৰকাৰৰ বিৰুদ্ধে । 2013বৰ্ষৰ 13জানুৱাৰীত www.madhyamik.inত প্ৰকাশিত সমূহ বিদ্যালয়,শিক্ষক-কৰ্মচাৰীৰ পদসমূহ চৰ্তবিহীনভাৱে প্ৰাদেশীকৰণৰ দাবী জনায় শিক্ষক সংস্থাটোৱে ।
অসমৰ সামাজিক শিক্ষা খণ্ডত স্বাধীনোত্তৰ অসমৰ শিক্ষানুষ্ঠানসমূহত দশক-দশক ধৰি বিনা পাৰিশ্ৰমিকেৰে নিঃস্বাৰ্থভাৱে সামাজিক দায়িত্ব পালন কৰি অহা শিক্ষকসকলৰ ভূমিকাক এক প্ৰকাৰ নস্যাৎ কৰিছে চৰকাৰে । নতুন প্ৰাদেশিকীকৰণ আইনখনৰ জৰিয়তে নব্বৈ শতাংশ শিক্ষক-কৰ্মচাৰীৰে পৰিপন্থী বুলি মত প্ৰকাশ কৰে সংস্থাটোৱে । নিত্য নতুন নীতি আৰু চৰ্ত আৰোপ কৰি শিক্ষক জীৱনৰ প্ৰায় শেষ পৰ্য্যায়ত উপনীত হোৱা শিক্ষক-কৰ্মচাৰীসকলক বিপদত পেলোৱা কাৰ্য্যৰ তীব্ৰ নিন্দা কৰে অসম হাইস্কুল শিক্ষক সংস্থাই ।
2001ৰ পৰা নিৰ্ধাৰিত দৰমহাত কৰ্মৰত 523গৰাকী শিক্ষকক নিয়মীয়াকৰণ,2013বৰ্ষত প্ৰাদেশীকৃত আৰু 2015ৰ আগতে নিযুক্তপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীক 1969ৰ সেৱাবিধি মতে পেঞ্চনৰ ব্যৱস্থা,বিদ্যালয়সমূহত খালী হৈ থকা পদসমূহ পূৰণ,স্নাতক সহকাৰী শিক্ষকসকলৰ পে-বেণ্ড তৃতীয়লৈ উন্নীতকৰণকে ধৰি বিভিন্ন দাবী উত্থাপন কৰি সমাধানৰ আহ্বান জনায় ।