নগাঁও, 16 অক্টোবৰ :বিজয়া দশমীৰ আনন্দ-উল্লাসৰ মাজতেই শুকুৰবাৰে নিশা নগাঁৱৰ আমবাগানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ আৰক্ষীয়ে এজন যুৱকক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি নিশা উত্তাল হৈ পৰে আমবাগান অঞ্চল । অৱশেষত পৰিস্থিতি অধিক উত্তাল হৈ পৰাত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় ৷
বিজয়া দশমীৰ ৰীতি-নীতি অনুযায়ী দেৱী দুর্গাৰ প্ৰতিমা বিসৰ্জন দিয়াৰ পাছত গৃহাভিমুখে গৈ থকা সময়তে আৰক্ষীয়ে যুৱকজন প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ আৰক্ষীৰ প্ৰহাৰত গুৰুতভাৱে আহত হয় যুৱকজন ৷ স্থানীয় লোকে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আনহাতে এই ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতেই উক্ত স্থানত উপস্থিত হয় স্থানীয় শতাধিক লোক ।