অসম

assam

ETV Bharat / city

অভি - নীল হত্যাকাণ্ডঃ আদালতত হাজিৰ অভিযুক্ত - ডকমকা কাণ্ড

দেশ কঁপাই যোৱা অভি - নীল হত্যাকাণ্ডৰ গোচৰৰ শুনানিৰ বাবে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ কৰা হৈছে ৪৭ জনকৈ অভিযুক্তক ।

দেশ কঁপাই যোৱা অভি - নীল হত্যাকাণ্ডৰ শুনানি

By

Published : Jun 12, 2019, 12:40 PM IST

নগাঁও, ১২ জুন : বুধবাৰে অভি - নীল হত্যাকাণ্ডৰ গোচৰৰ শুনানি গ্ৰহণৰ বাবে আদালতত হাজিৰ কৰা হৈছে ৪৭ জন অভিযুক্তক । নগাঁও জিলা ও সত্ৰ ন্যায়ধীশৰ আদালতত ইতিমধ্যে হাজিৰ কৰা হৈছে অভিযুক্ত কেইজনক । গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়া অনুসৰি ভাষ্য সলনি কৰা এগৰাকী সাক্ষীৰ বুধবাৰে পুনৰ সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে ।

দেশ কঁপাই যোৱা অভি - নীল হত্যাকাণ্ডৰ শুনানি

দেশ কঁপাই যোৱা অভি - নীল হত্যাকাণ্ডৰ এটা বছৰ পাৰ হোৱাৰ পাছতো শাস্তি নাপালে ৪৭ জনকৈ অভিযুক্তই । বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ ফলত আজিপৰ্যন্ত দোষীয়ে শাস্তি নোপোৱাৰ অভিযোগ উত্থাপন কৰে অভিজিতৰ পিতৃয়ে । ইতিমধ্যে আদালতত ২২ জনকৈ অভিযুক্ত চিনাক্ত হোৱা বুলিও উল্লেখ কৰে অভি - নীলৰ পৰিয়ালৰ লোকে । ইয়াৰোপৰি, দোষীক ৰাজহুৱা স্থানত ফাঁচীৰ দাবী উত্থাপন কৰে নিলোৎপলৰ পিতৃয়ে ।

উল্লেখ্য যে, কাৰ্বি আংলঙৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰিত এদল উন্মাদ লোকে অভিজিত নাথ আৰু নীলোৎপল দাসক বিগত বৰ্ষৰ 8জুন তাৰিখে নৃশংসভাৱে হত্যা কৰিছিল ।

ABOUT THE AUTHOR

...view details