অসম

assam

ETV Bharat / city

ধিং মহাবিদ্যালয়ত হৃদৰোগৰ বাবে Health Care Schemeৰ শুভাৰম্ভ - nagaon

নগাঁৱৰ ধিং মহাবিদ্যালয়ত (Dhing College) গুৱাহাটী মেট্ৰ' হাস্পতালে (Guwahati Metro Hospital) হৃদৰোগ সম্পর্কত এক অভিলাষী স্বাস্থ্য সেৱা আচঁনিৰ অভিযান শুভাৰম্ভ কৰা হয় ৷ এই আঁচনিৰ দ্বাৰা বহুলোকৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হয় ।

health-care-scheme-launched-by-guwahati-metro-hospital-at-dhing-college
ধিং মহাবিদ্যালয়ত গুৱাহাটী মেট্র' হাস্পতাল দ্বাৰা হৃদৰোগৰ স্বাস্থ্য সেৱা আঁচনিৰ শুভাৰম্ভ

By

Published : Nov 14, 2021, 10:40 AM IST

নগাঁও, 14 নৱেম্বৰ : নগাঁৱৰ ধিং মহাবিদ্যালয় (Dhing College)ৰ সম্প্ৰসাৰিত জনসেৱা আঁচনি (Public Service Scheme)ৰ উদ্যোগত শনিবাৰে মহাবিদ্যালয়খনত গুৱাহাটী মেট্ৰ' হাস্পতালে (Guwahati Metro Hospital) হৃদৰোগ সম্পর্কত এক অভিলাষী স্বাস্থ্য সেৱা আচঁনি (Health Scheme)ৰ অভিযান শুভাৰম্ভ কৰে ।

ধিং মহাবিদ্যালয়ত গুৱাহাটী মেট্র' হাস্পতাল দ্বাৰা হৃদৰোগৰ স্বাস্থ্য সেৱা আঁচনিৰ শুভাৰম্ভ

এই অনুষ্ঠানত ধিং নগৰ এলেকাৰ উপৰি ইয়াৰ পাৰ্শ্বৱৰ্তী গ্ৰামাঞ্চল, ধিং মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু দৰিদ্ৰ সীমা ৰেখা তলৰ লোকৰ বাবে হৃদৰোগ বিশেষজ্ঞৰ দ্বাৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ কৰা হয় । ইতিমধ্যে ধিং মহাবিদ্যালয় আৰু মেট্ৰ' হাস্পতালৰ মাজত ৰূপায়িত হোৱা বুজাবুজিৰ চুক্তিৰ জৰিয়তে এনেধৰণৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷

পৰৱৰ্তী সময়ত কৰ্কট আৰু কিডনী আদিৰ বিভিন্ন ৰোগৰ বিষয়েও পৰ্যায়ক্ৰমে তিনিমাহৰ মূৰে-মূৰে এনেধৰণৰ মেগা হেল্থ কেম্প (Mega Health Camp) অনুষ্ঠিত কৰা হ'ব বুলি ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিমান হাজৰিকাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ।

লগতে পঢ়ক :সচাকৈয়ে ULFA-I ত যোগদান কৰিলে নেকি সন্ধানহীন 5 যুৱতীয়ে ?

ABOUT THE AUTHOR

...view details