ৰহা, ২৭ জুলাই : মৰণ ফান্দত পৰিণত হৈছে ৰাজ্যৰ উজনি পৰা-নামনি লৈকে যোগাযোগৰ থকা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ । নগাঁৱৰ ৰহাৰ ওচৰৰ 4 লেনযুক্ত পথটোৰ মাজভাগত এতিয়া ঠায়ে ঠায়ে সৃষ্টি হৈছে পুখুৰী সদৃশ বৃহৎ গাঁতৰ । ৰহাৰ টোল গেটৰ দক্ষিণ দিশত বৰ্তমান বিধ্বস্ত হৈ পৰিছে ঘাইপথটো । টোলগেটত পথ কৰ সংগ্ৰহৰ বাবে বাৰে বাৰে চেষ্টা কৰি বিফল হোৱা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই ক্ষেত্ৰত অতি নিৰ্লিপ্ত ভূমিকা লোৱা দেখা গৈছে । উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে টোলগেটৰ উত্তৰ দিশৰ পথটো মেৰামতি কৰাৰ নামত বন্ধ কৰি দিয়া হৈছিল কিন্তু বৰ্তমান ঘাইপথটোৰ দক্ষিণ দিশটোও সম্পূৰ্ণ ৰূপে বিধ্বস্ত হৈ পৰিছে ।
ৰহাত ফ’ৰলেন হাইৱে গুচি হ'ল মৰণ ফান্দ : নিদ্ৰাৰত ঘাইপথ প্ৰাধিকৰণ
ৰহাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে বৃহৎ আকাৰ গাঁতৰ । বিপদসংকুলভাৱে চলিছে যাতায়ত । গাঁতত পৰি চকা পৰ্যন্ত ভাঙি গৈছে বহু গাড়ীৰ । অকস্মাত ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ।
স্থানীয় লোক তথা একাংশ যাত্ৰীৰ অভিযোগ যে এই প্ৰকাণ্ড গাঁত সমূহত পৰি ইতিপূৰ্বেও বহুকেইখন বাহন দুৰ্ঘটনাত পতিত হোৱাৰ উপৰিও গাড়ীৰ চকা পৰ্যন্ত ভাগি দুৰ্ঘটনা সংঘটিত হৈছে । দৈনিক অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ হাজাৰ হাজাৰ বাহনে চলাচল কৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ এই বিপদজনক অৱস্থাৰ ওপৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এতিয়ালৈকে কিয় কোনো ধৰণৰ পদক্ষেপ লোৱা নাই তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে । এতিয়া প্ৰশ্ন হয় এই পথেদি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অহা যোৱা কৰা ৰাজ্যৰ বৰ-বৰ মন্ত্ৰী-বিধায়ক তথা আমোলা-বিষয়াৰো চকুত পৰা নাই নেকি ঘাইপথটোৰ এই অৱস্থা । ৰাইজৰ এতিয়া অপেক্ষা মাথো সংশ্লিষ্ট কৰ্তৃপক্ষৰ চকুত পৰালৈ ।