অসম

assam

ETV Bharat / city

হাতীমূৰা-কুকুৰাকটা মথাউৰি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ - Hatimura Dyke

জল সম্পদ মন্ত্ৰীৰ হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী মথাউৰি পৰিদৰ্শন ৷ হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী মথাউৰিক সম্পূৰ্ণ সুৰক্ষিত ঘোষণা ৷ গাঁওবাসীক শংকিত নহ'বলৈ আহ্বান ৷

হাতীমূৰা-কুকুৰাকটা মথাউৰি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

By

Published : Jul 13, 2019, 10:39 PM IST

কলিয়াবৰ,13 জুলাইঃ শনিবাৰে হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী মথাউৰি পৰিদৰ্শন কৰে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ ক্ষেত্ৰ পৰিদৰ্শন কালত বিভাগীয় বিষয়াবৰ্গৰ উপস্থিতিত মথাউৰি পৰিদৰ্শন কৰি বৰ্তমান অৱস্থাৰ বুজ লৈ সন্তুষ্টি ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।

হাতীমূৰা-কুকুৰাকটা মথাউৰি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ
ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে সমগ্ৰ অসমৰ প্ৰায়বোৰ জিলাত তাণ্ডৱ সৃষ্টি কৰাৰ সমান্তৰালভাৱে হাতীমূৰা বান্ধক লৈ কলিয়াবৰীয়া ৰাইজ চিন্তিত হৈ থকাৰ সময়তে মথাউৰিটো সম্পূৰ্ণ সুৰক্ষিত বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে।উল্লেখ্য যে,২০১৭ চনৰ ১২ আগষ্টৰ নিশা কলিয়াবৰ মহকুমাৰ কলং মুখত থকা হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী মথাউৰিটো ছিঙি যোৱাত সমগ্ৰ কলিয়াবৰ অঞ্চল প্লাৱিত হৈ পৰিছিল ৷

ABOUT THE AUTHOR

...view details