গোৱালপাৰা, নগাঁও, 5 আগষ্টঃ ৰাজ্যত এন আৰ চিক লৈ সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ নিশাৰ ভিতৰতে প্ৰদান কৰা শুনানিৰ ঘোষণাই বিপাঙত পেলাইছে বহু লোকক ৷ এফালে যদি সীমিত সময়ৰ ভিতৰত যাত্ৰা আনহাতে শুনানি কেন্দ্ৰত বৃদ্ধ,গৰ্ভৱতীৰ বিলৈ ৷ এন আৰ চিৰ শুনানিৰ নামত নিশাৰ ভিতৰতে নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাৰ প্ৰায় তিনি সহস্ৰাধিক লোকৰ নামত আহিল শুনানিৰ জাননী। শুনানিৰ জাননী পাই হতভম্ব শ শ লোক। শুনানীৰ এদিন পূৰ্বে জাননী পোৱা সকলে শুনানীৰ বাবে যাব লাগিব গোলাঘাট,শিৱসাগৰ,ডিব্ৰুগড়,নগাওঁ আদি ঠাইলৈ। আনহাতে নগৰবেৰাৰ পৰা উক্ত স্থান সমূহৰ দূৰত্ব ৩০০ৰ পৰা ৫০০ কিলোমিটাৰ। চৰকাৰৰ এনে কাণ্ডত বাকৰূদ্ধ হৈ পৰিছে সাধাৰণ জনতা ৷ ৰাইজৰ মতে চৰকাৰে ষড়যন্ত্ৰ মূলকভাৱে জাননী প্ৰেৰণ কৰিছে ৷ এন আৰ চি কৰ্তৃপক্ষৰ এনে কাৰ্যত হাহাকাৰ লাগিছে চক্ৰ বিষয়াৰ কাৰ্যালয়ত।
এন আৰ চিৰ শুনানিৰ নামত সাধাৰণ ৰাইজক জ্বলাকলা এন আৰ চি কৰ্তৃপক্ষৰ - এন আৰ চি কৰ্তৃপক্ষ
শুনানিৰ জাননী পাই হতভম্ব শ শ লোক। শুনানীৰ এদিন পূৰ্বে জাননী পোৱা সকলে শুনানীৰ বাবে যাব লাগিব গোলাঘাট, শিৱসাগৰ,ডিব্ৰুগড়,নগাওঁ আদি ঠাইলৈ। আনহাতে নগৰবেৰাৰ পৰা উক্ত স্থান সমূহৰ দূৰত্ব ৩০০ ৰ পৰা ৫০০ কিলোমিটাৰ।
![এন আৰ চিৰ শুনানিৰ নামত সাধাৰণ ৰাইজক জ্বলাকলা এন আৰ চি কৰ্তৃপক্ষৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4046386-thumbnail-3x2-jj.jpg)
আনহাতে এন আৰ চিৰ শুনানীৰ নামত নগাঁৱত হাৰাশাস্তিৰ সন্মুখীন হৈছে বহু পৰিয়াল। মাত্ৰ এটা দিন পূৰ্বে এন আৰ চিৰ শুনানিৰ বাবে জাননী জাৰি কৰাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। নগাঁৱৰ ম'হখুলিত শুনানীৰ বাবে উপস্থিত হোৱা বকোৰ ছয়গাওঁ,ছমৰীয়াৰ বৃদ্ধৰ পৰা শিশু,গৰ্ভৱতী মহিলালৈ সন্মুখীন হৈছে বহু সমস্যাৰ ৷ দেওবাৰে বিয়লি শুনানিৰ জাননী লাভ কৰাৰ পিছত নিশাই ৰাওনা হৈ ৯ বজাৰ পূৰ্বেই ম'হখুলিস্থিত শুনানি কেন্দ্ৰত উপস্থিত হয় মফচিনা পাৰবিন নামৰ গৰ্ভৱতী মহিলাগৰাকী। শুনানি কেন্দ্ৰটোত নিৰ্দিষ্ট সময়তকৈ বহু পলমকৈ শুনানী আৰম্ভ কৰাত উৎকট গৰমত চটফটাবলগীয়া হয় গৰ্ভৱতী মহিলাগৰাকী।
কেন্দ্ৰটোৰ ওচৰত হোটেলৰ সুবিধা নথকাৰ বাবে ওৰে নিশা উজাগৰে থকা গৰ্ভৱতী মহিলাগৰাকীয়ে অনাহাৰে কটাবলগীয়া হৈছে শুনানী কেন্দ্ৰত। এন আৰ চি কতৃপক্ষই মাত্ৰ এদিন পূৰ্বে শুনানিৰ বাবে জাননী জাৰি কৰি সাধাৰণ লোকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নগাও জিলা সমিতিয়ে। এয়া সংখ্যালঘু লোকসকলৰ বাবে এক গভীৰ ষড়যন্ত্ৰ বুলিও অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।