অসম

assam

ETV Bharat / city

পূৰ্বতকৈ কিছু ব্যতিক্ৰমী চিন্তাৰে আগবাঢ়িব বিচৰে মন্ত্ৰী ৰঞ্জিত দাসে ! - Gram rojagar assistant to be transferred to separate development block

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীক লগত লৈ নগাঁৱত পঞ্চায়ত প্ৰতিনিধিৰে বৈঠক মন্ত্ৰী ৰঞ্জিত দাসৰ । পঞ্চায়ত সভাপতিৰ বাসগৃহত বৈঠক মন্ত্ৰীৰ । পঞ্চায়ত প্ৰতিনিধিৰ সৈতে আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ।

gram-rojagar-assistant-to-be-transferred-to-separate-development-block-ranjit-das
কিছু ব্যতিক্ৰমী চিন্তাৰে আগবাঢ়িব বিচৰে মন্ত্ৰী ৰঞ্জিত দাসে !

By

Published : Sep 1, 2021, 3:45 PM IST

নগাঁও, 1 ছেপ্টেম্বৰ: মঙলবাৰে বিয়লি ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত হয় নগাঁও সদৰ বিধানসভা সমষ্টিৰ খাগৰিজান উন্নয়নখণ্ডৰ অন্তৰ্গত শেনছোৱা পঞ্চায়তৰ সভাপতি ৰাজীৱ বৰাৰ বাসগৃহত । মন্ত্ৰীগৰাকীৰ লগত সংগ দিয়ে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে । পঞ্চায়ত প্ৰতিনিধিৰ সৈতে আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰীগৰাকীয়ে ক’লে, পূৰ্বৰ মন্ত্ৰীসকলক পঞ্চায়ত প্ৰতিনিধি সকলে সাক্ষাৎ কৰিব লাগিছিল । কিন্তু পূৰ্বৰ সকলোতকৈ কিছু ব্যতিক্ৰমী চিন্তাৰে বৰ্তমান আগবাঢ়িব বিচৰা বুলি উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীত্ব লাভ কৰিয়েই প্ৰতিনিধি সকলক সাক্ষাৎ কৰাৰ সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে । সেই মৰ্মেই শেনছোৱা পঞ্চায়তৰ সভাপতিৰ ঘৰত উপস্থিত হয় মন্ত্ৰীগৰাকী ।

কিছু ব্যতিক্ৰমী চিন্তাৰে আগবাঢ়িব বিচৰে মন্ত্ৰী ৰঞ্জিত দাসে !

এম জি এনৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনা বা আত্মসহায়ক গোট আদি বিভিন্ন বিষয়ত পঞ্চায়তটোত হোৱা কাম কাজৰ বিষয়ে জানিব পাৰি সন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰী দাসে । সকলো পঞ্চায়ত প্ৰতিনিধিয়েই এনেদৰে আগবাঢ়িব লাগিব । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে 'পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ কামকাজক গতিশীল কৰিব বিচাৰিছো ।' ইতিমধ্যে সহস্ৰাধিক পঞ্চায়ত সচিবক পৃথক জিলালৈ বদলি কৰা হৈছে ।

গ্ৰাম ৰোজাগাৰ সহায়ক সকলকো পৃথক উন্নয়নখণ্ডলৈ বদলি কৰা হ’ব । তেওঁলোক ঠিকাভিত্তিক বাবে খণ্ড উন্নয়ন পৰ্যায়ত বদলি কৰা হব । গ্ৰাম ৰোজাগাৰ সহায়ক সকল দুবছৰৰ অধিক কাল এটা পঞ্চায়ত বা এটা উন্নয়ন খণ্ডত কাৰ্যনিৰ্বাহ কৰা উচিত নহয় । মন্ত্ৰী দাসক সাংবাদিকে পঞ্চায়তৰ ঠিকাভিত্তিক চাকৰিয়াল সকলৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰসংগত কৰা এক প্ৰশ্ন উত্তৰ দি মন্ত্ৰী গৰাকীয়ে কয়, যে-সেই সম্পৰ্কত বতৰ্মানেও একো সিদ্ধান্ত লোৱা হোৱা নাই । কাৰণ এইসকল কৰ্মীয়ে কেন্দ্ৰীয় চৰকাৰৰ একো একোখন আঁচনি অথবা প্ৰকল্পৰ অধীনত কাম কৰি আছে । এই প্ৰকল্প অৰ্থাৎ আঁচনি থকালৈকে তেওঁলোকৰ চাকৰি থাকিবই । অৱশ্যে যি সকলৰ কাৰ্যকাল 10 বছৰ অতিক্ৰম কৰিছে তেওলোকৰ নিয়মীয়াকৰণৰ বাবে কেবিনেটত আলোচনা কৰা হ’ব ।

লগতে পঢ়ক:আৰম্ভ হ’ল ৰাষ্ট্ৰীয় পোষণ সপ্তাহ

ABOUT THE AUTHOR

...view details