অসম

assam

ETV Bharat / city

ৰাজ‍্যৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ আশাৰ বতৰা - পট্টা বিতৰণৰ সিদ্ধান্ত ৰাজ‍্য চৰকাৰ

ৰাজ‍্যৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ আশাৰ বতৰা ৷ ক্ষুদ্ৰ চাহ খেতিয়কলৈ মাটিৰ পট্টা বিতৰণৰ সিদ্ধান্ত ৰাজ‍্য চৰকাৰৰ ৷ কলিয়াবৰৰ 29 জন ক্ষুদ্ৰ চাহ খেতিয়কৰ আবেদন ৷

ৰাজ‍্যৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ আশাৰ বতৰা
ৰাজ‍্যৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ আশাৰ বতৰা

By

Published : Nov 7, 2020, 1:33 PM IST

কলিয়াবৰ, 7 নৱেম্বৰ :ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে আশাৰ বতৰা । অসম চৰকাৰে ক্ষুদ্ৰ চাহ ক্ষেতিয়ক সকলক প্ৰদান কৰিব মাটিৰ পট্টা । সংশোধিত নতুন ভূমি আইন অনুসৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলে 50 ৰ পৰা 75 বিঘালৈকে লাভ কৰিব পাৰিব মাটিৰ পট্টা । কলিয়াবৰত ইতিমধ্যে আৰম্ভ হৈছে মাটিৰ জৰীপ প্ৰক্ৰিয়া ।

ক্ষুদ্ৰ চাহ খেতিয়কলৈ মাটিৰ পট্টা বিতৰণৰ সিদ্ধান্ত ৰাজ‍্য চৰকাৰৰ

কলিয়াবৰৰ চক্ৰ বিষয়া অন্তৰা সেনৰ নেতৃত্বত মণ্ডলৰ জৰিয়তে আৰম্ভ হৈছে ভিন্ন ঠাইত মাটিৰ জৰীপ প্ৰক্ৰিয়া । কলিয়াবৰৰ হাতীগাঁও, চালনা, নতুন দংগা, দেওচুৰ চাং, আমগুৰি আদি ঠাইত ক্ষুদ্ৰ চাহ খেতিয়কক মাটিৰ পট্টা দিয়াৰ বাবে আৰম্ভ হৈছে জৰীপ প্ৰক্ৰিয়া ।

অসম চৰকাৰে ক্ষুদ্ৰ চাহ ক্ষেতিয়ক সকলক প্ৰদান কৰিব মাটিৰ পট্টা

ইতিমধ্যে কলিয়াবৰৰ 29 জনকৈ ক্ষুদ্ৰ চাহ খেতিয়কে ভূমি পট্টাৰ বাবে আবেদন জমা দিছে । লগতে আৰু কেইবাজনো ক্ষুদ্ৰ চাহ খেতিয়কক মাটিৰ পট্টা প্ৰদানৰ বাবে জৰীপ প্ৰক্ৰিয়া অব্যাহত আছে । নিয়ম অনুসৰি মাটিৰ পট্টা লাভ কৰিবলৈ হ’লে ক্ষুদ্ৰ চাহ খেতিয়কজন বাইঅ’মেট্ৰিক হ’ল্ডাৰ হোৱাটো প্ৰয়োজন । মাটিৰ ম্যাদী প্ৰক্ৰিয়াকৰণৰ এই ব্যৱস্থাই অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল যথেষ্ট উপকৃত কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :অসম-মিজোৰাম সীমান্তত আৰক্ষীৰ মহা পৰিদৰ্শক দীপক কেডিয়া

ABOUT THE AUTHOR

...view details