অসম

assam

ETV Bharat / city

ইতিহাসপ্ৰসিদ্ধ 'ফুলগুৰি ধেৱা'ৰ 158 তম স্মৃতি দিৱসৰ আয়োজন - 18, 19 আৰু 20 অক্টোবৰত তিনিদিনীয়া কাৰ্যসূচী

নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ফুলগুৰি ধেৱা স্মৃতিৰক্ষা সমিতিৰ সহযোগত দেশৰ প্ৰথমটো কৃষক বিদ্ৰোহ হোৱা ইতিহাসপ্ৰসিদ্ধ ফুলগুৰি ধেৱাৰ স্মৃতি দিৱস আয়োজনৰ ব্যৱস্থা কৰিছে ৷ 18, 19 আৰু 20 অক্টোবৰত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব অনুষ্ঠানটো ৷

'ফুলগুৰি ধেৱা'ৰ 158 তম স্মৃতি দিৱস

By

Published : Oct 11, 2019, 10:22 AM IST

নগাঁও, 11 অক্টোবৰ : নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ সহযোগত দেশৰ প্ৰথমটো কৃষক বিদ্ৰোহ হোৱা ইতিহাসপ্ৰসিদ্ধ ফুলগুৰি ধেৱাৰ স্মৃতি দিৱস আয়োজনৰ ব্যৱস্থা কৰিছে ৷ ফুলগুৰি ধেৱাৰ সংৰক্ষণৰ জৰিয়তে ঠাইখনৰ বিষয়ে নৱপ্ৰজন্মক জনোৱাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যে আয়োজন কৰা হৈছে ফুলগুৰি ধেৱা স্মৃতি দিৱস ৷ সেই সূত্ৰে 18, 19 আৰু 20 অক্টোবৰত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব অনুষ্ঠানটো ৷

'ফুলগুৰি ধেৱা'ৰ 158 তম স্মৃতি দিৱস

নগাঁৱত এক সংবাদমেলৰ আয়োজন কৰি এই বিষয়ে অৱগত কৰে স্মৃতি দিৱস উদযাপন সমিতিৰ মুখ্য পৃষ্ঠপোষক তথা ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস আৰু মুখ্য উপদেষ্টা ব্ৰজেন কাকতিয়ে । স্মৃতি দিৱসৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

ABOUT THE AUTHOR

...view details