নগাঁও,18 মাৰ্চ :সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছে প্ৰায় 7,500 লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ সময়তে নগাঁও মহাবিদ্যালয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ বজাৰত বীজাণুনাশক হেণ্ড ছেনিটাইজাৰৰ নাটনিৰ সময়তে নগাঁও মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগে বিতৰণ কৰিছে বিনামূলীয়া হেণ্ড ছেনিটাইজাৰ ৷
নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীৰ তৎপৰতাত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত আৰু ৰসায়নিক সামগ্ৰীৰে প্ৰস্তুত কৰি উলিয়াইছে বিনামূলীয়া বীজাণুনাশক হেণ্ড ছেনিটাইজাৰ। মঙলবাৰৰ পৰা এই হেণ্ড ছেনিটাইজাৰ ৰাইজৰ মাজত বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷