নগাঁও, 3 জুন :এজন বহুৰূপী পুৰুষ ৷ এজনী, দুজনীয়েই নহয় কেবাগৰাকীও বিয়া পাতি এতিয়া আৰক্ষীৰ জালত প্ৰৱঞ্চক আব্দুল ৷ নগাঁও জিলাৰ প্ৰৱঞ্চক আব্দুলে প্ৰৱঞ্চনাৰে কেবাগৰাকীও যুৱতীৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা পোহৰলৈ আহিছে (Fraud husband arrested in Nogaon ) ৷ কেৱল বিয়া পতাই নহয় নিজ পত্নীক অন্য পুৰুষৰ লগত সহবাস কৰিবলৈ জোৰ জবৰদস্তি কৰে আব্দুলে ৷ পত্নীয়ে আব্দুলৰ কথা নাকচ কৰিলেই পত্নীক মানসিকভাৱে অত্যাচাৰ কৰাৰ কথা প্ৰকাশ কৰে পত্নীয়ে ৷
ইফালে প্ৰৱঞ্চক আব্দুলৰ নামো বহুত, প্ৰতিগৰাকী পত্নী অনুসৰি সলনি কৰে নাম ৷ আব্দুল চালাম, ৰিয়াজুল, সঞ্জীৱ আৰু বহুতো নাম আছে বুলি অভিযোগ কৰে পত্নীয়ে ৷ প্ৰতিগৰাকী পত্নীকে আব্দুলৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ কোনো লোক নাই বুলি মনেসজা কাহিনী শুনাই প্ৰেমৰ জালত পেলাই বিবাহপাশত আৱদ্ধ হয় আব্দুল ৷ সন্তান হোৱাৰ পিছতেই পত্নীক এৰি অজ্ঞাত স্থানলৈ আব্দুল গুচি যায় আব্দুল ৷