নগাঁও, 16 ছেপ্তেম্বৰ :ৰাজ্যত এতিয়া দিনক-দিনে সংঘটিত হ’ব ধৰিছে গাড়ী চুৰিৰ ঘটনা ৷ কিন্তু সঘনাই গাড়ী চক্ৰই সলাইছে নিজৰ গাড়ী চুৰিৰ কৌশল । ন-ন কৌশলেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া গাড়ী চুৰি চক্ৰই পেলাইছে জাল । আৰক্ষী তথা ৰাইজৰ চকুত ধূলি দি নতুন কৌশলেৰে সক্ৰিয় হৈ পৰিছে গাড়ী চোৰৰ বৃহৎ চক্ৰ ।
নগাঁও আৰক্ষীৰ জালত ভুৱা চি আই ডি বিষয়া আপুনি আপোনাৰ চাৰিচকীয়া বাহনখন দিয়ে নেকি ভাড়াত ?তেন্তে এই খবৰ আপোনাৰ বাবে অতিকৈ জৰুৰী ৷ লগতে আপুনি হওক অধিক সাৱধান । এতিয়াৰ পৰা নিজৰ কষ্টোপাৰ্জিত ধনৰে কিনা গাড়ীখন ভাড়া দিয়াৰ পূৰ্বে চিন্তা কৰক এশ বাৰ । কাৰণ গাড়ী চোৰ চক্ৰই এতিয়া সলাইছে গাড়ী চুৰিৰ কৌশল । তেনে এক ঘটনাই পোহৰলৈ আহিছে নগাঁৱত ।
নিজকে অনুসন্ধানকাৰী সংস্থা ‘চি আই ডিৰ বিষয়া’বুলি পৰিচয় দি নগাঁৱৰ পৰা দুখনকৈ বলেৰ' বাহন ভাড়াত নি আৰক্ষীৰ জালত চিত্তৰঞ্জন বৰকাকতি । ভুৱা চি আই ডি বিষয়া চিত্তৰঞ্জন বৰকাকতিয়ে বাহন দুখন ভাড়াত নিয়াৰ পাচৰে পৰা অন্তৰ্ধান হৈ পৰিছিল । চি আই ডি বিষয়া বুলি পৰিচয় দি গাড়ী ভাড়াত নিয়াৰ পাচৰে পৰা অন্তৰ্ধান হৈ থকাত সন্দেহ উপজে গাড়ীৰ দুই স্বত্বাধিকাৰীৰ ।
সেয়ে এগৰাকী স্বত্বাধিকাৰীয়ে এই সন্দৰ্ভত নগাঁও আৰক্ষী থানাত দাখিল কৰে এজাহাৰ আৰু এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে আৰম্ভ কৰে নিজৰ অনুসন্ধান । আৰক্ষীৰ অনুসন্ধান অব্যাহত থকাৰ সময়তে সোণাপুৰত দুৰ্ঘটনাত পতিত হৈছিল এখন বাহন । সোণাপুৰ আৰক্ষীয়ে জব্দ কৰা বাহনৰ অনুসন্ধান কৰোতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা । ঘটনা সন্দৰ্ভত নগাঁৱৰ বেবেজীয়া আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে চিত্তৰঞ্জন বৰকাকতি নামৰ ভুৱা চি আই ডি বিষয়াজনক । অৱশেষত নগাঁও আৰক্ষীয়ে জেৰাৰ অন্তত মঙলবাৰে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে চিত্তৰঞ্জন বৰকাকতিক ।
লগতে চাওক-একেদিনাই বজ্ৰপাতত মৃত্যু 24 গৰাকীৰ