কলিয়াবৰ, 19 জুন :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত যান-বাহনৰ গতি নিয়ন্ত্ৰণ কৰা সময়তে দেওবাৰে দুৰ্ঘটনাত পতিত হয় বাগৰি বনাঞ্চলৰ বুঢ়াপাহাৰ খণ্ড বন কাৰ্যালয়ৰ বিষয়া দিবাকৰ পাল(Road Accident at Kaziranga) ৷ নগাঁও দিশৰ পৰা গৈ থকা এ এচ ০১ই ইউ ৫০৫৯ এখন চাৰিচকীয়া বাহনে পাছফালৰ পৰা খুন্দিয়াই বিষয়াগৰাকীক ৷ এই দুৰ্ঘটনাত আহত বিষয়াগৰাকীক তৎকালীনভাৱে জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
উল্লেখ্য যে, ৰাজ্যৰ প্ৰায়সমূহ জিলাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো কেইবাটাও অঞ্চল সম্প্ৰতি বানৰ কৱলত পৰিছে(Flood affects Kaziranga National Park) । জানিব পৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ ১৪ টা বন শিবিৰ ইতিমধ্যে জলমগ্ন হৈ পৰিছে । নিৰাপদ আশ্ৰয়ৰ সন্ধানত উদ্যানখনৰ জীৱ-জন্তুবোৰ ওখ ঠাইলৈ ঢাপলি মেলিছে । খাদ্যৰ সন্ধানত ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিলৈও হৰিণা, বন গাহৰি আদি জন্তু অহা দেখা গৈছে ।