নগাঁও, 8 জানুৱাৰী: কৃষি কৰ্মেৰে স্বাৱলম্বী হোৱাৰ আশাৰে নগাঁৱৰ ৰূপহীহাটত পথাৰত নামিল কেইগৰাকীমান মহিলা ৷ লক ডাউনৰ ফলত দৰিদ্ৰতায়ে কোঙা কৰি পেলোৱা নিজ পৰিয়ালটোক উদ্ধাৰৰ বাবে হাতে কামে পথাৰত ব্যস্ত হৈ পৰিছে মহিলাসকল ৷ নিজৰ গাঁঠিৰ ধনেৰে পাঁচ বিঘা মাটিত সৰিয়হ আৰু আলু খেতি কৰাৰ লগতে এবিঘা মাটিত ৰঙালাও লগোৱাৰ ব্যৱস্থা কৰিছে এইসকল মহিলাই ৷ ৰূপহীহাটৰ জুৰীয়া চামধাৰৰ গাঁৱৰ এই মহিলাসকলৰ কাৰ্যই এক নতুন ৰেঙণি আনিব বুলি ধাৰণা কৰা হৈছে ৷
স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিলে নগাঁৱৰ পাঁচগৰাকী মহিলাই
লক ডাউনে কোঙা কৰা ঘৰখনক পুন উৎজ্জীৱিত কৰাৰ মানসেৰে কৃষিকৰ্মত ব্যস্ত কেইগৰাকীমান মহিলা ৷ স্বাৱলম্বী হোৱা আশাৰে কৃষি কৰ্মত আত্মনিয়োগ মহিলাকেইগৰাকীৰ
বিগত বৰ্ষত ক’ৰণা মহামাৰীৰ ভয়াৱহতাৰ লগতে লক ডাউনৰ ফলত ঘৰতে সোমাই থকাত সাঁচতীয়া ধন লাহে লাহে শেষ হৈ অহাত চিন্তিত হৈ পৰিছিল এই মহিলাসকল ৷ এনে সময়তে তেওঁলোকৰ মনলৈ আহিল এটি আশাৰ বতৰা ৷ পাঁচগৰাকী মহিলায়ে মিলি আদৰ্শ আত্মসহায়ক গোটনামেৰে খুলিলে এটা আত্মসহায়ক গোট ৷ প্ৰথমে তেওঁলোকে বেহুৱা, ক’লা মাহৰ গুৰা, বুটৰ গুৰা, মুড়িৰ লাডু, নাৰিকলৰ লাডু, তিলৰ লাডু বনাই বিক্ৰী কৰি আৰ্থিক ভাবে অকণমান টনকিয়াল হয় ৷ তাৰ পাছতেই তেওঁলোকে কৃষি কৰ্মৰ প্ৰতি মন মেলে আৰু বেলেগৰ পৰা মাটি আধি লৈ কৃষি কৰ্মত লাগে ৷ বৰ্তমান তেওঁলোকৰ কৰ্মৰাজিয়ে জুৰীয়াবাসী ৰাইজৰ মাজত সমাদৰ লাভ কৰিছে ৷ তেওঁলোকৰ কৰ্মৰাজীক লক্ষ্য কৰি অন্যান্য মহিলাও আগুৱাই যাব পাৰিব বুলি আশা কৰিছে জ্যেষ্ঠসকলে ৷
লগতে পঢ়ক :গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া