অসম

assam

ETV Bharat / city

নগাঁৱত দৃষ্টিহীনৰ বাবে "পোহৰ বিচাৰি" শীৰ্ষক গ্ৰন্থ উন্মোচন - অংগাভিনয় অসমৰ সাংস্কৃতিক অনুষ্ঠানত পোহৰ বিচাৰি উন্মোচন

দিব্যাংগসকলৰ বাবে এক সুখবৰ ৷ বুধবাৰে নগাঁৱত উন্মোচিত হ'ল ৰাজ্যৰ দৃষ্টিহীন লোকসকলৰ বাবে ৰচিত প্ৰথমখন অসমীয়া গ্ৰন্থ “পোহৰ বিচাৰি" (First Assamese book on specially abled people released) ৷ এই গ্ৰন্থখন ৰচনা কৰে লেখক বুদ্ধিনাথ কলিতাই (Book Unveiling of Buddhinath Kalita) ৷

first-assamese-book-on-specially-abled-people-release-at-nagaon-in-assam
নগাঁৱত উন্মোচিত হ'ল দিব্যাংগসকলৰ সন্দৰ্ভত প্ৰথমখন অসমীয়া গ্ৰন্থ

By

Published : Jan 6, 2022, 11:55 AM IST

Updated : Jan 6, 2022, 4:35 PM IST

চামগুৰি, 6 জানুৱাৰী : বুধবাৰে নগাঁৱত উন্মোচিত হ'ল ৰাজ্যৰ দৃষ্টিহীন লোকসকলৰ বাবে ৰচিত প্ৰথমখন অসমীয়া গ্ৰন্থ পোহৰ বিচাৰি (First Assamese book on specially abled people released) ৷

পুৰণিগুদামৰ ঐতিহাসিক কলঙৰ বাকৰিৰ পাৰঘাটত এই গ্ৰন্থখন উন্মোচন কৰা হয় (Book unveiling ceremony at Nagaon) ৷ এই গ্ৰন্থখন ৰচনা কৰে লেখক, অভিনেতা তথা দৃষ্টিহীন বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বুদ্ধিনাথ কলিতাই (Book Unveiling of Buddhinath Kalita) ৷ গ্ৰন্থখন উন্মোচন কৰে সাহিত্যিক পেঞ্চনাৰ, বিশিষ্ট গল্পকাৰ তথা জ্যেষ্ঠ সাংবাদিক ফণীন্দ্ৰ নাথ গায়নে ৷

নগাঁৱত উন্মোচিত হ'ল দিব্যাংগসকলৰ সন্দৰ্ভত প্ৰথমখন অসমীয়া গ্ৰন্থ

বুধবাৰে অনুষ্ঠিত হোৱা অংগাভিনয় অসম শীৰ্ষক এক অনুষ্ঠানৰ গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি গ্ৰন্থখনৰ লেখক বুদ্ধিনাথ কলিতাই এই গ্ৰন্থখনত তেখেতৰ কৰ্মজীৱনৰ সৰহভাগ সময় দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলৰ লগত জড়িত থকাৰ বহুবোৰ অভিজ্ঞতা সন্নিবিষ্ট কৰা বুলি সদৰী কৰে ৷

লগতে দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলক সামাজিকভাৱে আগবঢ়াই নিবৰ বাবে প্ৰয়োজনীয় সজাগতাবোধ সকলোৰে মাজত জগাই তুলিবলৈ এই গ্ৰন্থখন লিখি উলিয়াই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে লেখক বুদ্ধিনাথ কলিতাই ৷

উল্লেখ্য যে, নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালত 1962 চনৰ পৰা কৰ্মৰত আছিল বুদ্ধিনাথ কলিতা ৷ প্ৰায় 25 বছৰ ধৰি বিদ্যালয়খনত কৰ্মৰত অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে সমাজত দিব্যাংগসকলৰ স্থান, তেওঁলোকৰ ভাৱধাৰা আদিও সন্নিৱিষ্ট কৰে গ্ৰন্থখনত ৷

এই অনুষ্ঠানতে অন্বেষা নামৰ আন এখন গ্ৰন্থও উন্মোচন কৰা হয় ৷ এই সভাত অঞ্চলটোৰ বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক :Cheque Distribution in Dibrugarh : ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে ঋণ ৰেহাইৰ চেক

Last Updated : Jan 6, 2022, 4:35 PM IST

ABOUT THE AUTHOR

...view details