নগাঁও,10 অক্টোবৰ: কলিয়াবৰৰ শিলঘাট বিসৰ্জনস্থলীত মঙলবাৰে দেৱী বিসৰ্জনৰ সময়ত পেলোৱা আৱৰ্জনা পৰিস্কাৰ কৰিলে কলিয়াবৰ অগ্নিনিৰ্বাপক বাহিনী আৰু আপাতকালীন সেৱা বিভাগে । প্লাষ্টিক-পলিথিন জাতীয় সামগ্ৰী জমা হৈ ব্ৰহ্মপুত্ৰৰ পানী যাতে প্ৰদূষিত নহয় তাৰবাবেই এই সজাগতাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে । অন্যান্য আৱৰ্জনাসমূহ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা আঁতৰাই সঠিক স্থানত পেলোৱাৰ ব্যৱস্থাও কৰিছে চাফাই অভিযানত ভাগ লোৱা অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকলে ।
কলিয়াবৰত অগ্নিনিৰ্বাপন আৰু ৰাজ্যিক আপাতকালীন সেৱা বিভাগৰ চাফাই অভিযান
শিলঘাটৰ দেৱী বিসৰ্জনস্থলীত চাফাই কাৰ্য ৷ প্ৰদূষণৰ বিৰুদ্ধে সজাগতা অগ্নিনিৰ্বাপক বাহিনীৰ ৷
চাফাই কাৰ্যত ব্যস্ত কৰ্মচাৰীসকল
উল্লেখ্য যে, বিজয়া দশমীত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত ব্ৰহ্মপুত্ৰৰ পাৰত হোৱা জনসমাগমৰ ফলত বহু ঠাই অপৰিস্কাৰ হৈ পৰিছিল । সেইস্থান পৰিস্কাৰ কৰাৰ বাবেই এইবাৰ এনে উৎসাহী পদক্ষেপ হাতত লয় কলিয়াবৰৰ অগ্নিনিৰ্বাপক বাহিনী আৰু আপাতকালীন সেৱা বিভাগে ।