নগাঁও, 2 জুন: পৰলোকপ্ৰাপ্ত উত্তৰ পূৱ ভাৰতৰ আমিৰে শ্বৰীয়ত মুফতি খাইৰুল ইছলামৰ জানাজা নামাজত কেবাসহস্ৰাধিক লোকে অংশগ্ৰহণ কৰাৰ বাবে ইতিমধ্যে ডি এম এক্টৰ অধীনত গোচৰ ৰুজু হোৱাৰ পিছত এইবাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ ।
লক্ ডাউনৰ নীতি-নিময়, সামাজিক তথা শাৰীৰিক দূৰত্ব সম্পূৰ্ণ ৰূপে উলংঘা কৰা বিধায়ক আমিনুল ইছলামৰ পিতৃ মুফটি খাইৰুল ইছলামৰ জানাজা নামাজৰ সময়ত উপস্থিত আছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ । অৱশ্যে নীতি নিয়ম অনুসৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মাস্ক পৰিধান কৰি উপস্থিত হৈছিল উক্ত স্থানত ।