নগাঁও, 2 অক্টোবৰ :গান্ধী জয়ন্তীৰ পৱিত্ৰ ক্ষণত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জিলা খনত কৰ'ণা মহামাৰীৰ এই কঠিন সময়ত সেৱা আগবঢ়োৱা সেনানী সকলক নগাওঁ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় ।
উল্লেখযোগ্য যে, জিলা উপায়ুক্ত কবিথা পদ্মনাভণে সভাপতিত্ব কৰা এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন কোভিড চিকিৎসালয়ত নিয়োজিত পঞ্চাশ গৰাকী কৈ চাফাই কৰ্মচাৰীক তেওঁ লোকে আগবঢ়োৱা সেৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয়।
নগাঁৱত কৰ'ণা যোদ্ধাক সম্বৰ্ধনা প্ৰশাসনৰ উপায়ুক্ত গৰাকীয়ে তেওঁৰ ভাষণত সকলো কৰ্মচাৰীকে তেওঁ লোকে এই কঠিন সময়ত আগবঢ়াই থকা সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।
এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা, গৰ্গ মোহন দাস, যুটীয়া স্বাস্থ্য সঞ্চালক এ চি পাটৰ আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষ বলীন কুমাৰ ভূঞা প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে ।
লগতে পঢ়ক :অসমীয়াৰ স্বাভিমান গামোছাখনক ন ৰূপেৰে সজালে কোনে ?