নগাঁও, 21 ডিচেম্বৰ : নগাঁৱৰ লাওখোৱা ৰোডৰ গান্ধীনগৰৰ এটি দেৱশিশু জন্মৰ পৰাই আক্ৰান্ত জটিল ৰোগত ৷ গান্ধীনগৰৰ টিংকু সিং আৰু পৰমিন্দ ক'ৰৰ পাঁচমহীয়া কন্যা শিশুটিৰ শৰীৰৰ তিনিটাকৈ স্থানত আছে টিউমাৰ ৷ চিকিৎসাৰ বাবে তিনিমাহ পূৰ্বেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পাচতে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিছিল চিকিৎসকে ৷
কিন্তু কেৱল পৰামৰ্শ দিয়েই দায়িত্ব সামৰিলে স্বাস্থ্য বিভাগৰ চিকিৎসকে ৷ বিগত তিনিমাহে চিকিৎসালয়ত ঘূৰিও সু-চিকিৎসা নোপোৱাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে । চিকিৎসাৰ নামত আৰ্থিকভাৱেও জুৰুলা হৈ পৰিছে পৰিয়ালটো ।