নগাঁও, 19 মে': আলফাৰ একপক্ষীয় তিনিমহীয়া যুদ্ধ বিৰতিক আদৰণি সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ । পূৰ্বতেও সদৌ অসম আলফা সমন্বয়ৰক্ষী সমিতিয়ে আলফাৰ লগত শান্তি আলোচনাৰ বাবে অসম চৰকাৰৰ লগত পৰ্যালোচনা কৰি ভাৰত চৰকাৰক অৱগত কৰি আহিছিল ৷
বৰ্তমান নৱগঠিত চৰকাৰখনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা অসমখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে আলফাক শান্তি আলোচনাৰ বাবে আহ্বান জনোৱাটো প্ৰশংসনীয় বুলি মন্তব্য কৰে সমন্বয়ৰক্ষী সমিতিখনৰ সাধাৰণ সম্পাদক বিজয় হাজৰিকাই ।
আলফাৰ তিনিমহীয়া যুদ্ধবিৰতিক আদৰণি প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ কৰ’ণা মহামাৰীৰ এই ভয়াৱহ সময়ত আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এই সিদ্ধান্ত সচাঁকৈয়ে প্ৰশংসনীয় আৰু ৰাজ্য চৰকাৰ খনক এই বিষয়টোৰ ফলপ্ৰসূ আলোচনাৰ দ্বাৰা অসমৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত শান্তি-সম্প্ৰীতিৰ ব্যৱস্থা হাতত লবলৈকো আহ্বান জনায় সমন্বয়ৰক্ষী সমিতিখনৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷
উল্লেখ্য যে , 2006 চনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰেও আলফাৰ লগত শান্তি চুক্তিৰ বাবে প্ৰচেষ্টা হাতত লৈছিল যদিও সম্পূৰ্ণভাৱে সফল হোৱা নাছিল ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আলফাৰ লগত শান্তি চুক্তি সফল হৈ অসমত শান্তি ঘূৰি আহিব বুলি আশাবাদী সাধাৰণ সম্পাদক বিজয় হাজৰিকা ৷
লগতে পঢ়ক :ধুবুৰীত কাগজে কলমেহে আছে এখন আদৰ্শ চিকিৎসালয়