কলিয়াবৰ, 20 আগষ্টঃ আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ গুৰুজনাৰ তিৰোভাৱ তিথি ৷ সমগ্ৰ ৰাজ্যতেই ভকত-বৈষ্ণৱ সকলে তিৰোভাৱ তিথিটো পালন কৰিছে ৷ প্ৰতিটো নামঘৰেই গুৰুজনাৰ হৰি নামৰ ধ্বনিত মুখৰিত হৈ পৰিছে ৷ ঠিক একেদৰে নগাঁও জিলাৰ কলিয়াবৰৰ ভঁৰালী নামঘৰতো পালন কৰা হয় তিৰোভাৱ তিথি ৷
ইফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ দিনটোতে কলিয়াবৰৰ ভঁড়ালী নামঘৰত উপস্থিত হয় পত্নী-পুত্ৰসহ প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন। গুৰুজনাৰ পূণ্য তিৰোভাৱ তিথিতেই নামঘৰত সেৱা জনাই ভকত বৈষ্ণৱৰ পৰা আৰ্শীবাদ লয় বিধায়ক ৰকিবুল হুছেইনে ।