কলিয়াবৰ, 9 আগষ্ট : এটা বিশেষ হোৱাটছ এপ মেছেজ ৷ এই বিশেষ হোৱাটছ এপ মেছেজতে গা লৰিবলৈ বাধ্য হ’ল শক্তি বিভাগৰ ৷ ঘটনাৰ স্থান কলিয়াবৰৰ মিছামুখ ৷ কিছুদিন পূৰ্বে ইটিভি ভাৰতত সম্প্ৰচাৰ হৈছিল এক বাতৰি ৷ এই বাতৰি প্ৰকাশৰ 48 ঘণ্টাৰ পাচতে প্ৰভাৱ পৰিলক্ষিত হ’ল মিছামুখত ৷
চলিত বৰ্ষৰ 3 আগষ্টত কলিয়াবৰৰ মিছামুখ গাঁৱত বিদ্যুতৰ লুকা-ভাকু আৰু নিম্ন ভল্টেজৰ বিষয়ে বাতৰি সম্প্ৰচাৰিত হৈছিল ৷ এটা ট্ৰেন্সফৰ্মাৰৰ অভাৱত বিদ্যুতৰ সমস্যাই সঘনাই দেখা দিছিল অঞ্চলটোত ৷ উৎকট গেলা গৰমৰ পৰা পৰিত্ৰাণ বিচৰাৰ লগতে এটা ট্ৰেন্সফৰ্মাৰ স্থাপনৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰিছিল কলিয়াবৰৰ মিছামুখ গাঁৱবাসীয়ে ৷
বিদ্যুতৰ নিম্নগামী ভল্টেজৰ বাবে নিশা হ'লেই অন্ধকাৰত ডুব গৈছিল সমগ্ৰ মিছামুখ অঞ্চল ৷ ফলত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজ । উৎকট গৰমত বিনিদ্ৰ ৰজনী পাৰ কৰিছিল গাঁৱখনৰ ৰাইজে । এই সমস্যাটোৰ সন্দৰ্ভত শক্তিমন্ত্ৰী বিমল বৰাক গাঁৱখনৰ যুৱকৰ এটা দলে হোৱাটছ এপ যোগে অৱগত কৰিছিল । বিভাগীয় মন্ত্ৰীগৰাকীয়ে মাথো I Look Into বুলি ৰিপ্লাই দি দায়িত্ব সামৰিছিল ৷