অসম

assam

ETV Bharat / city

ই টি ভি বাতৰি সম্প্ৰচাৰৰ পিছতেই নগাঁৱত প্ৰধান শিক্ষকক নিলম্বন - শিক্ষা বিভাগ

নগাঁৱত ই টি ভি ভাৰতত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই শিক্ষা বিভাগে নিলম্বিত কৰে আফাজ উদ্দিন নামৰ প্ৰধান শিক্ষক জনক ৷ চলিত বৰ্ষৰ ৩০ এপ্ৰিল তাৰিখে ই টি ভি ভাৰতত প্ৰকাশ পাইছিল শিক্ষকজনৰ দুৰ্নীতিৰ বাতৰি ।

ETV BHARAT
ই টি ভি বাতৰি সম্প্ৰচাৰৰ পিছতেই নগাঁৱত প্ৰধান শিক্ষকক নিলম্বন

By

Published : May 16, 2020, 7:16 PM IST

নগাওঁ,16 মেঃ নগাঁৱত ই টি ভি ভাৰতত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই শিক্ষা বিভাগে নিলম্বিত কৰে প্ৰধান শিক্ষক এজনক। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ চহী জালিয়াতি কৰি নিলম্বিত হয় শিক্ষকজন।

ই টি ভি বাতৰি সম্প্ৰচাৰৰ পিছতেই নগাঁৱত প্ৰধান শিক্ষকক নিলম্বন

নগাঁও জিলাৰ জুৰীয়াৰ নামা কালিয়ডিঙা মোক্তাৱ স্কুলৰ প্ৰধান শিক্ষক আফাজ উদ্দিনক তৎকালে বলৱৎ হোৱাকৈ নিলম্বন কৰে শিক্ষা বিভাগে। বিদ্যালখনৰ প্ৰধান শিক্ষক আফাজ উদ্দিনৰ বিৰুদ্ধে বিদ্যালয় পৰিচালনা সমিতিৰ চহী জালিয়াতি কৰি ধন আত্মসাৎ কৰাৰ অভিযোগত জুৰীয়া আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ। পাঞ্জাৱ নেশ্যনেল বেংকৰ জুৰীয়া শাখাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিৰ নামত থকা যুটীয়া একাউন্ট নম্বৰ ২২৩২০০০১০০০১৮০২৭ ৰ পৰা ১৭ এপ্ৰিলত ৫০ হাজাৰ টকা মোকলাই নিয়াৰ পিছত পুনৰ সভাপতি আব্দুল ৰফিকৰ চহী জালিয়াতি কৰি ১৮ এপ্ৰিলতো ২ লাখ ৭ হাজাৰ টকা মোকলাই নিবলৈ বেংকত চেক জমা দিয়াৰ সময়তে পোহৰলৈ আহে সমগ্ৰ জালিয়াতিৰ তথ্য। অভিযুক্ত প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত এজাহাৰ দিয়াৰ লগতে বিভাগীয় কৰ্তৃপক্ষকো অভিযোগ দাখিল কৰে। এই কেলেংকাৰীৰ বাতৰি ই টি ভি ভাৰতত প্ৰকাশ পোৱাৰ পিছতেই নগাওঁ জিলাৰ উপ পৰিদৰ্শক বুদ্ধ কটকীয়ে এক নিৰ্দেশযোগে নিলম্বন কৰে প্ৰধান শিক্ষক আফাজ উদ্দিনক। উল্লেখ্য যে, চলিত বৰ্ষৰ ৩০ এপ্ৰিল তাৰিখে ই টি ভি ভাৰতত প্ৰকাশ পাইছিল শিক্ষক জনৰ দুৰ্নীতিৰ বাতৰি ।

লগতে পঢ়ক- অচিনাক্ত যুৱকক লৈ নগাঁৱৰ কামপুৰত তীব্ৰ চাঞ্চল্য

ABOUT THE AUTHOR

...view details