নগাঁও, 2 জুলাই:বানৰ সমান্তৰালকৈ এতিয়া গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে নগাঁও জিলাৰ বিভিন্ন অঞ্চলত ৷ বিশেষকৈ জিলাখনৰ লাওখোৱা, ধিং আদি অঞ্চলৰ বিভিন্ন প্ৰান্তত এতিয়া আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া । ধিঙৰ মোৱামাৰীকে ধৰি বহুকেইটা এলেকাত এতিয়াও অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া । একেদৰে জিলাখনৰ লাওখোৱাৰ ভুৰবন্ধা, বৰঘুলি আদি অঞ্চলটো অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ।
অঞ্চলকেইটাত চকুৰ পচাৰতে চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ পাৰৰ গৰা । জাহ গৈছে এটাৰ পিছত আনটো বাসগৃহ । বৰলুইতৰ বুকুত বিলীন হৈছে হেক্টৰ হেক্টৰ কৃষিভূমি । এই পৰ্যন্ত জিলাখনৰ বহু গাঁও ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কৱলত পৰি নিশ্চিহ্ন হৈ পৰিছে (Brahamputra erosion at Dhing) । বছৰ বছৰ ধৰি অঞ্চলকেইটাত হৈ থকা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কৱলত পৰি বহু কৃষক পৰিণত হৈছে দিন হাজিৰা কৰা শ্ৰমিকলৈ । কিন্তু কোনো এখন চৰকাৰে এই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মতভাৱে এই পৰ্যন্ত গ্ৰহণ কৰা নাই কোনো পদক্ষেপ ।