অসম

assam

By

Published : Jun 9, 2020, 5:33 PM IST

ETV Bharat / city

মথাউৰি নিৰ্মাণৰ বাবে ওলাই আহিল চাংচকী গাঁৱৰ শতাধিক লোক

চৰকাৰ তথা গড়কাপ্তানী বিভাগৰ সহায়ৰ আশা বাদ দি স্বয়ং হাতত কোৰ পাচি লৈ মথাউৰি নিৰ্মাণ কৰিবলৈ ওলাই আহিল চাংচকী গাঁৱৰ শতাধিক ৰাইজ ।

Embankment developed by Barhampur local People
Embankment developed by Barhampur local People

বঢ়মপুৰ, 8 জুনঃ কপিলী নদীৰ বাঢ়নী পানীয়ে এতিয়া শংকিত কৰিছে চাংচকী গাঁৱৰ শতাধিক লোকক । কপিলী নদীৰ উফন্দি অহা পানীয়ে ইতিমধ্যে অঞ্চলটোৰ মথাউৰি ভাঙি জলমগ্ন কৰিছে বহু কেইটা অঞ্চল ৷ অৱশেষত চৰকাৰ তথা গড়কাপ্তানী বিভাগৰ সহায়ৰৰ অপেক্ষাৰ আশা বাদ দি হাতত কোৰ পাচি লৈ নিজেই মথাউৰি নিৰ্মাণ কৰিবলৈ ওলাই আহিল চাংচকী গাঁৱৰ শতাধিক লোক ৷

মথাউৰি নিৰ্মাণৰ বাবে ওলাই আহিল চাংচকী গাঁৱৰ শতাধিক লোক

চৰকাৰ তথা জলসম্পদ বিভাগটোলৈ বাট নাচাই দান বৰঙণিৰে ৰাইজে শ্ৰমদান কৰি নিৰ্মাণ কৰিছে মথাউৰিটো ৷ বিগত সময়ত মথাউৰিটো নিৰ্মাণৰ বাবে চাংচকী পঞ্চায়তৰ ফালৰ পৰা আঁচনিৰ কাম ৰূপায়ণ কৰা হৈছিল যদিও কিছু পৰিমাণৰ কাম কৰিয়েই দায়িত্ব সামৰিলে পঞ্চায়তখনে ৷ যাৰ বাবে বছৰৰ প্ৰথমটো বানতে মথাউৰি ওপৰৰে পানী বাগৰি ভাঙি নিয়ে মথাউৰিটোৰ কেইবাটাও অংশ ৷

কৃষি প্ৰধান অঞ্চল চাংচকীৰ এই মথাউৰিটোৰ ওপৰতেই স্থানীয় ৰাইজৰ খেতি পথাৰ,বাসগৃহ সমূহ নিৰ্ভৰশীল। অন্যথা বাঢ়নী পানীয়ে প্ৰায়ে নষ্ট কৰি আহিছে ৰাইজৰ খেতি পথাৰকে ধৰি বাসগৃহ । যাৰ বাবে জলসম্পদ বিভাগলৈ বাট নাচাই অৱশেষত ৰাইজেই নিজেই নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে মথাউৰিটো ।

লগতে চাওকঃ হাইস্কুল শিক্ষান্তত হিন্দী বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ সৰভোগৰ দীক্ষিতা দাসৰ

ABOUT THE AUTHOR

...view details