অসম

assam

ETV Bharat / city

Elephant calf Dead : ৰে’লৰ খুন্দাত মৃত্যুক সাৱটিলে বনৰীয়া হাতীয়ে - কলিয়াবৰত বনৰীয়া হাতীৰ মৃত্যু

শুকুৰবাৰে নিশা কলিয়াবৰত ৰে’লৰ খুন্দাত কৰুণ মৃত্যুক সাৱটি ল'লে এটি বনৰীয়া হাতীয়ে(Elephant calf Dead at Kaliabar) ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হয় ৷

baby-elephant-calf-died-in-kaliabor
কলিয়াবৰত সংঘটিত শোকাবহ ঘটনা

By

Published : Dec 11, 2021, 12:58 PM IST

কলিয়াবৰ, 11 ডিচেম্বৰ :কলিয়াবৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা(Tragic incident in Kaliabor)৷ শুকুৰবাৰে শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰে'লখনৰ খুন্দাত মৃত্যুক সাৱটি ল'লে এটি ছয় বছৰীয়া বনৰীয়া হাতীয়ে(Elephant calf Dead at Kaliabar) ৷

ঘটনা অনুসৰি, অঞ্চলটোৰ ওচৰৰ এখন হাবিৰ পৰা এটি হাতীৰ জাক খাদ্যৰ সন্ধানত ওলাই আহিছিল ৷ তেনে অৱস্থাতে শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰে'লখনে গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত এই ঘটনাটো সংঘটিত হয় ৷ শুকুৰবাৰে নিশা প্ৰায় 10.30 মিনিটত সংঘটিত হয় এই ঘটনা ৷

কলিয়াবৰত সংঘটিত শোকাবহ ঘটনা

এই ঘটনা সংঘটিত হোৱাৰ পাচতে ঘটনাস্থলীত অঞ্চলটোৰ বহু লোক উপস্থিত হয় ৷ মৃত হাতীটোক উপস্থিত একাংশই পূজা-অৰ্চনাও কৰে ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক ৷ হাতীটোৰ মৃত্যুই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷ উল্লেখযোগ্য যে, বন ধ্বংসৰ পৰিণতিত ক্ৰমান্বয়ে বনাঞ্চলসমূহ সংকুচিত হৈ অহাৰ বাবে বন্যপ্ৰাণীৰ খাদ্য দ্ৰব্যৰ লগতে বাসস্থানৰো অভাৱ হৈছে ৷ ফলত বন্যহস্তীসমূহে জনাঞ্চলত প্ৰৱেশ কৰিছে ৷ ফলত এনেকৈয়ে সময়ে সময়ে মুত্যুমুখত পৰে বহু বন্যহস্তী ৷

লগতে পঢ়ক :বঢ়মপুৰৰ কন্দলীত এটি হাতী পোৱালীৰ কৰুণ মৃত্যু‌

ABOUT THE AUTHOR

...view details