কলিয়াবৰ,24 মাৰ্চ: ৰাজ্যত অহা ২৭ মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া । ভোট গ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলবোৰৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । সোমবাৰে দুই প্ৰধান ৰাজনৈতিক প্ৰতিদ্বন্দী দল বিজেপি আৰু কংগ্ৰেছ দলৰ ক্ৰমে ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ দুখনকৈ নিৰ্বাচনী সভা অনুষ্ঠিত হোৱাৰ পাছত মঙলবাৰে কলিয়াবৰত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
কলিয়াবৰ শালনাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰিয়ংকা গান্ধী
কলিয়াবৰৰ শালনাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী সভা ৷ কলিয়াবৰত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে চাহ বাগানত সোণোৱাল ৷ বাগানীয়া ভাষাতে চাহ জনগোষ্ঠী ৰাইজক সম্বোধন মুখ্যমন্ত্ৰীৰ ৷
কলিয়াবৰ বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ নিৰ্বাচনী সভাত অংশ লৈ চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে । সভাত ভাষণ দি কলিয়াবৰৰ প্ৰাৰ্থী কেশৱ মহন্তই বিগত চৰকাৰৰ কাৰ্যকালত চাহ বাগিচা অঞ্চলত উন্নয়নমূলক কাৰ্য্যৰ ক্ষেত্ৰত কোনো কৃপণালি কৰা নাই । সভাত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকো তীব্ৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । চাহ বাগানীয়া ভাষাতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰিয়ংকা গান্ধীয়ে অসম ভ্ৰমণৰ সময়ত চাহ বাগিচাৰ মহিলাৰ শ্ৰমিক সৈতে ফটো উঠা প্ৰসঙ্গ উল্লেখ কৰি কয়, যোৱা ষাঠী বছৰত পিতৃ-মাতৃয়ে চলোৱা চৰকাৰে কিয় চাহ শ্ৰমিকৰ প্ৰতি দৰদ অনুভৱ কৰা নাছিল ? কিয় নিৰ্বাচনৰ সময়ত চাহ শ্ৰমিকলৈ দৰদ ওপজে ? এই বিষয়ে কংগ্ৰেছী নেতৃবৃন্দক প্ৰশ্ন কৰিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰী সোণোৱালে । চাহ বাগিচাৰ সামগ্ৰীক উন্নয়নৰ বাবে যোৱা চৰকাৰখনে কৰি যোৱা কাম আগন্তুক দিনত অব্যাহত ৰাখিবলৈ পুনৰ মিত্ৰজোঁটক জয়ী কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ।
লগতে পঢ়কঃশাসনৰ গাদীত কেনেকুৱা চৰকাৰ বিচাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ?