অসম

assam

ETV Bharat / city

শিক্ষকৰ বিভিন্ন সমস্যা সম্পৰ্কত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্য - Siddhartha Bhattacharya at Nagaon District Teachers' Association's golden jubilee

নগাঁও জিলা শিক্ষক সন্থাৰ সোণালী জয়ন্তীত উপস্থিত থাকি শিক্ষকৰ বিভিন্ন সমস্যা সম্পৰ্কত মন্তব্য আগবঢ়াই শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ শিক্ষকৰ সমস্যা সমাধানত কিছু পৰিমাণে সফল হ'ব পৰা নাই বুলি মন্তব্য কৰে তেওঁ ৷

নগাঁও জিলা শিক্ষক সন্থাৰ সোণালী জয়ন্তীত সিদ্ধাৰ্থ ভট্টাচাৰ্য

By

Published : Nov 18, 2019, 10:42 PM IST

নগাঁও, 18 নৱেম্বৰ : দেওবাৰৰ পৰা নগাঁও খগেন মহন্ত প্ৰেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নগাঁও জিলা শিক্ষক সন্থাৰ সোণালী জয়ন্তীত সোমবাৰে উপস্থিত থাকে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷ এই অনুষ্ঠানতে শিক্ষকৰ সমস্যা সম্পৰ্কত বিভিন্ন মন্তব্য আগবঢ়াই শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে, চৰকাৰ আৰু শিক্ষক সংগঠন কোনো পৃথক ব্যৱস্থা নহয় । শিক্ষকৰ সমস্যা সন্দৰ্ভত চৰকাৰ জ্ঞাত । সমস্যা সমাধান কৰাত চৰকাৰ কিছু সফল হৈছে যদিও কিছু ক্ষেত্ৰত সফল হ'ব পৰা নাই ।

নগাঁও জিলা শিক্ষক সন্থাৰ সোণালী জয়ন্তীত উপস্থিত সিদ্ধাৰ্থ ভট্টাচাৰ্য

নগাঁও জিলা হাইস্কুল শিক্ষক সন্থাৰ সোণালী জয়ন্তীৰ ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিৰ আলোচনা চক্ৰৰ উদ্বোধন কৰি এনেদৰে মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই । ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিত শিক্ষাৰ্থীৰ মৌলিক চিন্তাক অধিক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি নগাঁও জিলা শিক্ষক সন্থাৰ সোণালী জয়ন্তীত নতুন শিক্ষানীতিৰ ওপৰত আলোচনা চক্ৰৰ আয়োজন কৰা বাবে শলাগ লয় শিক্ষামন্ত্ৰীগৰাকীয়ে ।

সোমবাৰে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে বিশ্বনাথ চাৰিআলি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ চিন্তামণি শৰ্মাই ।

আৰু পঢ়ক : মাস্ক পৰিধান কৰি প্ৰতিবাদত বহিল গৌৰৱ গগৈ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details