বটদ্ৰৱা, 13 জুনঃনগাঁৱৰ জাজৰিত ড্ৰাগছসহ সাতজনকৈ সৰবৰাহকাৰী লগতে এজন আৰক্ষী জোৱান আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । লগতে এখন নম্বৰ প্লেট বিহীন আৰক্ষীৰ গাড়ীও জব্দ কৰে আৰক্ষীয়ে ।
জাজৰিত আৰক্ষীসহ সাতজনকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক - আৰক্ষী
নগাঁৱৰ জাজৰিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক হয় সাতজনকৈ ড্ৰাগছ সৰবৰাহকাৰী। উক্ত ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ সৈতে এজন আৰক্ষী কনিষ্টবলকো আটক কৰে আৰক্ষীয়ে ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰী কেইটাক জেৰা অব্যাহত ৰাখিছে ৷
শুকুৰবাৰে নিশা নগাঁৱৰ জাজৰিত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক হয় সাতজনকৈ ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা নম্বৰ প্লেট বিহীন আৰক্ষীৰ গাড়ী ৷ লগতে ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা ১ লাখ ৮৭ হাজাৰ নগদ টকা আৰু ১০ পেকেট ড্ৰাগছ জব্দ কৰে। জব্দ কৰা ড্ৰাগছ খিনিৰ মূল্য প্ৰায় ৫ লাখ টকা বুলি অনুমান কৰা হৈছে । গুৱাহাটীৰ অপৰাধ অনুসন্ধান শাখা,জাজৰি থানা আৰু মিকিৰভেটা থানাৰ আৰক্ষীৰ অভিযানত আটক হয় ড্ৰাগছ সৰবৰাহী কেইটা । ধৃত ড্ৰাগছ সৰবৰাহী কেইটা মহম্মদ ছাহিদুল আলম,মহম্মদ কাবিল আলি ওৰফে ৰাহুল,মহম্মদ মফিদুল হক,জংচাৰ মাহেলাল, মহম্মদ তাইজ উদ্দিন লস্কৰ,মহম্মদ ইছাফ আলি আৰু জেচমিনা বেগম । ধৃত তাইজ উদ্দিন লস্কৰ নামৰ লোকজন আৰক্ষীৰ এজন কনিষ্টবল বুলি জানিব পৰা গৈছে । ধৃত তাইজ উদ্দিন লস্কৰ অতিৰিক্ত সহকাৰী আৰক্ষী প্ৰধানৰ গাড়ী চালক হিচাপে কৰ্মৰত আছিল বুলি জানিবলৈ পোৱা গৈছে । নম্বৰ প্লেট বিহীন আৰক্ষীৰ বাহন খনৰ লগতে AS01DR5042 নম্বৰৰ আন এখন FORD TITANIUM গাড়ী আৰক্ষীয়ে জব্দ কৰে । সম্প্ৰতি ড্ৰাগছ সৰবৰাহকাৰী কেইটাক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে মিকিৰভেটা আৰক্ষীয়ে ৷
লগতে পঢ়ক- পুৰণি বঙাইগাঁৱৰ ভাটিপাৰাত চোকা অস্ত্ৰৰে আক্ৰমন এটা পৰিয়ালক