ৰহা, 21 মেঃৰহাৰ চাপৰমুখৰ শইকীয়াল গাঁৱত অচিনাক্ত বাহনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ কফ চিৰাপৰ কাৰ্টুন ৷ স্থানীয় লোকৰ তৎপৰতাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে কফ চিৰাপৰ কাৰ্টুনখিনি ৷
চাপৰমুখত অচিনাক্ত বাহনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ কফ চিৰাপ - উদ্ধাৰ বৃহৎ পৰিমাণৰ কফ চিৰাপৰ কাৰ্টুন
চাপৰমুখ শইকীয়াল গাঁৱত অচিনাক্ত বাহনৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ কফ চিৰাপৰ কাৰ্টুন ৷ আৰক্ষীয়ে ইতিমধ্যে উক্ত ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ৷

অচিনাক্ত বাহনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ কফ চিৰাপ
অচিনাক্ত বাহনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ কফ চিৰাপ
নিশা ৰহাৰ চাপৰমুখ শইকীয়াল গাঁৱত স্থানীয় লোকে এখন মাৰুতি বাহন প্ৰত্যক্ষ কৰে । উক্ত ঘটনাত সন্দেহ হৈ আৰক্ষীক অৱগত কৰে স্থানীয় লোকে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বাহনখনৰ লগতে জব্দ কৰে কফ চিৰাপৰ বটলসমূহ । ইতিমধ্যে বাহনখন পথৰ ওপৰতে এৰি থৈ চালকজনে পলায়ন কৰে । আৰক্ষীয়ে উক্ত ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে, জব্দ কৰা বাহনখনৰ অৰুণাচলত পঞ্জীকৃত বাহনখনৰ নম্বৰ AR 01G 2831 ৷
লগতে পঢ়কৃ-সম্পুৰ্ণ দৰমহাৰ দাবীত ধুনশ্ৰী চাহ বাগিছাত চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ