অসম

assam

ETV Bharat / city

ফেডাৰেচন কাপ এথলেটিকচত স্বৰ্ণ জয় হিমা-অম্লানৰ

পুনৰ ভাৰত মাতৃক বিশ্বৰ বুকুত জিলিকালে স্বৰ্ণ কন্যা হিমা দাসৰ লগতে অম্লান বৰগোহাঁয়ে ৷ ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকচ প্ৰতিযোগিতাত স্বৰ্ণজয় হিমা আৰু অম্নানৰ ৷ এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন ৷

By

Published : Apr 8, 2022, 1:48 PM IST

National Federation Cup athletics 2022
ফেডাৰেচন কাপ এথলেটিকচত স্বৰ্ণ হিমা আৰু অম্লানৰ

নগাঁও, 8 এপ্ৰিল :কেৰালাৰ কালিকটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকচ প্ৰতিযোগিতাত (National Federation Cup athletics 2022) খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ধিং এক্সপ্ৰেছ হিমা দাস আৰু অম্নান বৰগোঁহায়ে(Hima Das and Amlan Borgohain win gold medals) ৷ প্ৰতিযোগিতাখনত মহিলাৰ ২০০ মিটাৰৰ ফাইনেলত হিমা দাসে ২৩.৬৩ চেকেণ্ডত লক্ষ্য অতিক্ৰম কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷

একেদৰে পুৰুষৰ ২০০ মিটাৰত অম্লান বৰগোহাঁয়ে ২০.৫২ ছেকেণ্ডত সোণৰ পদক অৰ্জন কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়ে(Assam Sprinter Amlan Borgohain National Record) ৷

হিমাৰ পিতৃ-মাতৃ

হিমা দাসৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃ ৷ হিমাৰ পিতৃ ৰঞ্জিত দাসে হিমাৰ এই সাফল্যতাৰ সংবাদ লাভ কৰি খুবেই আনন্দিত হৈ পৰা বুলি উল্লেখ কৰি ভৱিষ্যতেও যাতে হিমাই এনেকৈ ভাল ফলাফল কৰি যাব পাৰে তাৰবাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে অম্নান বৰগোঁহাইৰো সাফল্যত সন্তোষ ব্যক্ত কৰি শুভেচ্ছা জনায় ৷

উল্লেখ্য যে, পুৰুষৰ ব্যক্তিগত ২০০ মিটাৰ দৌৰত অম্লান বৰগোহাঁইয়ে দুৰ্দান্ত প্ৰদৰ্শনেৰে আমেৰিকাৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ আৰু চীনৰ হংজাওৰ ১৯ সংখ্যক এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰে । আনহাতে হিমা দাসেও প্ৰতিযোগিতাত স্বৰ্ণজয় কৰি এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছে ।

লগতে পঢ়ক :ৰাজ্যসভাৰ পাৰ্শ্বক্ৰিয়া : কমনৱেল্থ সন্মিলন শেষ হ'লেই শশী-ছিদ্দিকলৈ বিধানসভাৰ শ্ব'কজ

ABOUT THE AUTHOR

...view details