নগাঁও, 26 মে' : ৰাজ্যজুৰি কৰ’ণা সন্ত্ৰাসৰ মাজতে নগাঁও জিলাৰ ৰৌমাৰী বিলত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইটাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰৌমাৰী বিলত সন্দেহ জনক ড্ৰাগছ আসক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে ৷
মৃত যুৱকজন বিষ্ণু নগৰৰ দিপাংকৰ বিশ্বাস বুলি জানিব পৰা গৈছে ৷ যুৱকজনক বন্ধুৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, বুধবাৰে পুৱা ৰৌমাৰীৰ স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি ইটাপাৰা আৰক্ষীক খবৰ দিয়ে ৷