অসম

assam

ETV Bharat / city

কঠীয়াতলীত গাই পালন আৰু দুগ্ধ উৎপাদনৰ উদ্দেশ্যে সজাগতা সভা - Dairy Farmers awareness programme held in Nagaon

মঙলবাৰে নগাঁৱৰ কঠীয়াতলীত গাই পালন আৰু দুগ্ধ উৎপাদনৰ উদ্দেশ্যে এখন সজাগতা সভা অনুষ্ঠিত হয় (Dairy Farmers awareness programme held in Nagaon) । এই সভাত অসমৰ দুগ্ধ উৎপাদক আৰু থলুৱা গো পালকসকলে কিদৰে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত চাহিদা বৃদ্ধি কৰিব পাৰি তাৰ ওপৰত বিতং ভাবে আলোচনা কৰা হয় ।

Awareness camp for Dairy farmers held at Barhampur in Nagaon
কঠীয়াতলীত গাই গৰু পালন আৰু দুগ্ধ উৎপাদনৰ সজাগতা সভা অনুষ্ঠিত

By

Published : Apr 5, 2022, 9:27 PM IST

বঢ়মপুৰ, 5 এপ্ৰিল : মঙলবাৰে নগাঁৱৰ কঠীয়াতলীৰ ওপৰবৰ লালুং গাঁৱৰ ৰাজহুৱা মঞ্চত গাই পালন আৰু দুগ্ধ উৎপাদনৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায় । তিৱা স্বায়ত্ব পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সজাগতা সভাখনৰ সভাপতিত্ব কৰে পৰিষদৰ অধ্যক্ষ মদন বৰদলৈয়ে (Dairy Farmers awareness programme held in Nagaon) ।

গো-পালক আৰু দুগ্ধ উৎপাদকসকলক সংগবদ্ধ কৰি প্ৰশিক্ষণ আৰু নজনা কথাসমূহ বিতংভাৱে বুজাই দিয়াৰ লক্ষ্যৰে এই সজাগতা সভাখন অনুষ্ঠিত কৰা হয় । সভাত অসমৰ দুগ্ধ উৎপাদক আৰু থলুৱা গো পালকসকলে কিদৰে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত চাহিদা বৃদ্ধি কৰি স্বাৱলম্বীতাৰ দিশত নিজকে আগবঢ়াই নিব পাৰে তাৰ ওপৰত বিতং ভাবে আলোচনা কৰা হয় ।

কঠীয়াতলীত গাই গৰু পালন আৰু দুগ্ধ উৎপাদনৰ সজাগতা সভা অনুষ্ঠিত

শতাধিক লোকে অংশ গ্ৰহণ কৰা এই সজাগতা সভাখনত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, অসম দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক উৎপল শৰ্মা, অসম পশুধন উন্নয়ন বিভাগৰ ড৹ মতিউৰ ৰহমান, বেংক অফ বৰোদাৰ ৰাজ্যিক প্ৰৱন্ধক আইনিং ডিইংদহৰ লগতে বিভাগীয় বহু উচ্চপদস্থ বিষয়া উপস্থিত থাকে । ইফালে তিৱা স্বায়ত্ব পৰিষদৰ এনে প্ৰশংসনীয় পদক্ষেপক আদৰণি জনাইছে কঠীয়াতলীবাসী ৰাইজে ।

লগতে পঢ়ক:হাতৰ মুঠিত লৈ জীৱটো লৈ লাংটিংবাসীৰ দৈনন্দিন যাত্ৰা !

ABOUT THE AUTHOR

...view details