অসম

assam

নগাঁৱত চাইবাৰ অপৰাধ : লুটিলে লক্ষাধিক টকা

By

Published : Jul 29, 2020, 8:07 PM IST

নগাঁৱত আন এক চাইবাৰ অপৰাধৰ ঘটনা। আৰক্ষীৰ জালত অনলাইনৰ জৰিয়তে ধন সৰকাই নিয়া অপৰাধী ৷

নগাঁৱত চাইবাৰ অপৰাধ
চাইবাৰ অপৰাধী নিজামুল হাছান

নগাঁও,29 জুলাই :তথ্য প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ সমান্তৰালকৈ বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা । নগাঁও জিলাত পুনৰ সংঘটিত হ'ল এনে এক চাইবাৰ অপৰাধৰ ঘটনা । নগাঁও চহৰৰ বি বি পথত থকা অল ৰিচাৰ্জ কোম্পানীত চাৰ্ভাৰ অপাৰেটৰ হিচাপে কৰ্মৰত এগৰাকী কৰ্মচাৰীয়ে অনলাইনযোগে কোম্পানীটোৰ পৰা সৰকাই নিয়ে 4 লাখ 50 হাজাৰ টকা ।

নগাঁৱত চাইবাৰ অপৰাধ

কোম্পানীটোৰ স্বত্বাধিকাৰী ৰমিজুল ইছলাম স্বাস্থ্যজনিত কাৰণত চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ সুযোগ গ্ৰহন কৰি কৰ্মচাৰী নিজামুল হাছানে অনলাইনৰ জৰিয়তে হৰলুকী কৰে বৃহৎ পৰিমাণৰ ধনৰাশি। এই সন্দৰ্ভত স্বত্বাধিকাৰী ইছলামে আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত নগাঁৱৰ ইটাচালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নিজামুলক ।

লগতে পঢ়ক :পলাশবাৰীত ম'হৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details