ৰহা, 29 মে’: বাৰিষা অহা লগে লগে এতিয়া ৰাজ্যৰ বিভিন্ন নদী-উপনদীসমূহে কালৰূপ ধাৰণ কৰিছে (Flood in Assam)। ইফালে কপিলী জলবিদ্যুত প্ৰকল্পৰ শ্লুইচ গেটৰেৰে এৰি দিয়া পানীয়ে কপিলী আৰু বৰপানী নদীত সৃষ্টি কৰা ভয়াৱহ বানে প্ৰলয়ৰ সৃষ্টি কৰিছে ৰহা সমষ্টিৰ বিস্তৃত অঞ্চলত (Flood at Raha) ৷ ফলত অধিকাংশ বাসিন্দাই এতিয়া ঘৰ-বাৰী এৰিবলৈ বাধ্য হৈছে ৷
পানীত ডুব যোৱা আপোন ঘৰ এৰি ৰাজপথ আৰু আন ঠাইত আশ্ৰয় লৈছে সৰ্ব সাধাৰণে । লগতে শতাধিক কৃষকৰ শ শ বিঘা কৃষি ভূমি পানীয়ে প্লাবিত কৰি ৰখাত ধান খেতি সম্পূৰ্ণৰূপে নষ্ট হোৱাৰ ফলত কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে (Cultivation destroy in flood at Raha)।