অসম

assam

ETV Bharat / city

নগাঁৱত কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ

নগাঁৱত দিনক দিনে বৃদ্ধি পাইছে ক’ভিড 19 ত আক্ৰান্তৰ সংখ্যা । জিলাখনত দৈনিক পাঁচ সহস্ৰাধিক লোকক কৰা হৈছে ক’ভিড পৰীক্ষা । ক’ভিড-১৯ ক লৈ অধিক সতৰ্ক হৈছে নগাঁও স্বাস্থ্য বিভাগ । নগাঁৱত এই পৰ্যন্ত ৯০ হাজাৰ লোকক প্ৰদান কৰা হৈছে ভেকচিন ৷

নগাঁওত কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ
নগাঁওত কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ

By

Published : Apr 17, 2021, 10:43 PM IST

নগাঁও,17 এপ্ৰিল:নগাঁৱত দিনক দিনে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ কৰ'ণাৰ দ্বিতীয় ঢৌৱে দেশজুৰি ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত ক্ৰমাৎ নগাঁৱতো জটিল ৰূপ ধাৰণ কৰিছে কৰ’ণাই ৷ জিলাখনত দিনক দিনে বৃদ্ধি পাইছে ক’ভিড ১৯ ত আক্ৰান্তৰ সংখ্যা ।

দৈনিক ২০-২৫ জনকৈ লোক ক’ভিড ১৯ ত আক্ৰান্ত হৈছে ৷ চৰকাৰী নিৰ্দেশনা অনুযায়ী নগাঁৱৰ স্বাস্থ্য বিভাগে দৈনিক পাঁচ হাজাৰৰো অধিক লোকক কৰিছে ক’ভিডৰ পৰীক্ষা ৷ জিলাখনত ১২৬ জন সক্ৰিয় ক’ভিড 19 ত আক্ৰান্ত ব্যক্তি আছে বুলি জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটৰে জানিবলৈ দিয়ে ৷

নগাঁওত কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ

নিৰ্বাচনী সভা, সমিতিসমূহত মাস্ক পৰিধান নকৰাকৈ ভীৰ কৰাৰ বাবেই পুনৰ ক’ভিডৰ সংক্ৰমণে ভয়াৱহ ৰূপ লোৱা বুলি মন্তব্য কৰে সঞ্চালক গৰাকীয়ে ৷ জিলা প্ৰশাসনৰ লগত আলোচনা কৰি ক’ভিড চিকিৎসালয় স্থাপনৰো চিন্তা-চৰ্চা কৰিছে স্বাস্থ্য বিভাগে ৷ উল্লেখ্য যে, নগাঁৱত ক’ভিড ১৯ ত আক্ৰান্ত অধিকাংশ লোকৰেই নাই কোনো ভ্ৰমণ বৃত্তান্ত ৷

লগতে পঢ়ক :কৰ'ণা দুৰ্যোগ মোডীয়ে সৃষ্টি কৰিছে: ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details