বঢ়মপুৰ, 15 মে':সমগ্ৰ দেশৰ লগতে ৰাজ্যত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ক'ভিড-19 এ ৷ চৰকাৰে ক'ভিড মহামাৰীৰ বাবে দিয়া নতুন নীতি নিৰ্দেশনাই চুব পৰা নাই নগাঁও জিলাৰ বিভিন্ন চাহ বাগানৰ অঞ্চলত ৷ চৰকাৰৰ নিৰ্দেশ অনুসৰি চৰকাৰী বে-চৰকাৰী কাৰ্যালয় ১৫ দিনৰ বাবে বন্ধ ৰখাৰ লগতে নগৰ অঞ্চলত দিনৰ ১ বজাত আৰু গ্ৰামাঞ্চলত দিনৰ ২ বজাত দোকান পোহাৰ বন্ধ কৰাৰ নিৰ্দেশ দিছে ৷
যদিও চাহ বাগানত দিনৰ চাৰি বজালৈ কাম কৰিবলৈ বাধ্য কৰাইছে বাগানৰ শ্ৰমিক সকলক ৷ যাৰ মুনাফা লাভ কৰিছে চাহ বাগানৰ কৰ্তৃপক্ষৰ লগতে মালিক সকলে ৷ "চাহ বাগান অঞ্চলত কৰ’ণাৰ সংক্ৰমণ সংক্ৰমণ নহয় নেকি ? কিয় ২ বজাৰ পৰা সান্ধ্য আইন প্ৰযোজ্য নহয় বাগান অঞ্চলত ৷ কিয় দিনৰ চাৰি বজালৈকে বাগানত কাম কৰিব লগা হয় শ্ৰমিক সকলে ?" এই গুৰুত্বপূৰ্ন অভিযোগ উত্থাপন কৰিছে আদিবাসী জাতীয় মহাসংঘৰ ৰাজ্যিক সভাপতি বীৰেন মিৰ্ধাই ৷